১৯৯৪ চনত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আহ্বানত কংগ্ৰেছ দলত যোগদানেৰে সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছত ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ টিকটত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সেইবাৰ অগপ দলৰ নেতা, প্ৰাক্তন গৃহ মন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ হাতত শোচনীয় ভাবে পৰাজিত হৈছিল ডঃ শৰ্মাই। অৱশ্যে তাৰ পাছত হাৰ নামানি পুনৰ ২০০১ চনত দ্বিতীয়বাৰৰ জালুকবাৰীত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি তেতিয়াৰ পৰা নেতা, প্রাক্তন গৃহমন্ত্রী ভূগু কুমাৰ ফুকনক প্রায় ১২ হাজাৰ ভোটৰ ব্যবধানত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নির্বাচিত হৈছিল মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী সময়ত ২০০২ চনত তৰুণ গগৈয়ে তেওঁক চৰকাৰত পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰে । অৱশ্যে ৰাজ্যিক মন্ত্ৰী হিচাপে সীমিত পৰিসৰত কাম কৰিব লগা হলেও তেওঁ দায়িত্ব নিষ্ঠা সহকাৰে প্ৰমাণ কৰিছিল। যাৰ পুৰস্কাৰ হিচাপে ২০০৬ আৰু ২০১১ চনত তৰুণ গগৈয়ে তেওঁক কেবিনেট মন্ত্ৰী হিচাপে বিত্ত, শিক্ষা , স্বাস্থ্য গুৱাহাটী উন্নয়ন বিভাগকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিছিল। পৰৱৰ্তী সময়ত তৰুণ গগৈৰ সৈতে হোৱা মুখ্যমন্ত্রীকেন্দ্ৰীক বিবাদৰ বাবে ২০১৪ চনত তেওঁ মন্ত্রী পাদৰ পৰা পদত্যাগ কৰিবলগীয়া হয়।
তাৰ পাছত তেওঁ ২০১৫ চনৰ নৱেম্বৰ মাহত বিজেপি দলত যোগদান কৰে। তাৰ পাছত ২০১৬ চনৰ পৰা ২০২৬ বিধানসভাত নির্বাচনলৈ তিনিবাৰ বিজেপিৰ টিকটত বিধায়ক হিচাপে নির্বাচিত হয় ডঃ হিমন্ত বিশ্ব শর্মা। ইয়াৰ লগে লগে তেওঁ কংগ্রেছ আৰু বিজেপিৰ টিকটত একেৰাহে তিনিবাৰকৈ জয়লাভ কৰাৰ বিৰল গৌৰৰ অর্জন কৰে । আনহাতে ২০০১ চনত জয়লাভ কৰাৰ পাছত উন্নয়নৰ আঁচনি গ্রহণ কৰি সমষ্টিটোত উন্নয়নৰ ধাৰাৰ চেহেৰাটোকে সলনি কৰি দিবলৈ সক্ষম হৈছিল ডঃ শৰ্মাই। ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, সমষ্টিটোৰ সকলো বাট-পথ, নলা-নর্দমা পকীকৰণ কৰি ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে । ২০০১ চনৰ পৰা বিগত ২৫ টা বছৰত সমষ্টিটোত বহু নিবনুৱা যুৱক-যুৱতীক যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰিকে ধৰি বিভিন্ন ক্ষেত্ৰত কর্মসংস্থাপন দিবলৈ সক্ষম হৈছিল তেওঁ । বিজেপিত যোগদান কৰাৰ পাছত সমষ্টিটোৰ পূৰ্বৰ কংগ্রেছ কর্মী সমর্থকসকলৰ সৰহসংখ্যকেই ডঃ শৰ্মাৰ নেতৃত্বৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিজেপি দলত যোগদান কৰে। ইফালে চাৰি মে’ত ঘোষিত ফলাফল অনুসৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ দলৰ বিদিশা নেওগক প্ৰায় ৮৯,৪৩৪ টা ভোেটৰ ব্যৱধানত পৰাজিত কৰি একেৰাহে ষষ্ঠবাৰৰ বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰে । বিদিশা নেওগে ৩৭,৮১৩ টা ভোেট লাভ কৰে। ইফালে নিৰ্বাচনৰ সময়ত
ড° হিমন্ত বিশ্ব শর্মাই প্রায় এক লাখ ভোটৰ ব্যৱধানত বিজয়ী হ’ব বুলি ৰাজনৈতিক সমীক্ষকসকলে ধাৰণা কৰিছিল। কিন্তু ৰাজনৈতিক সমীক্ষক সকলৰ ধাৰণাক নৎসা কৰি গাড়ীগাঁও, ধাৰাপুৰ মজলী, আজাৰা হাটখোৱাপাৰা , গড়চুক, কটাহবাৰীয় , তেতেলিয়াকে ধৰি অসমীয়া মুছলমানৰ বসতি প্রধান অঞ্চলৰ বহু ভোেটাৰে পূৰ্বৰ দৰে কংগ্ৰেছ দলৰ প্রার্থীকে ভোটদান কৰাত ডঃ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰাৰ ভোটৰ পৰিমাণ হয় প্রায় ১.২৭ লাখ । অথচ নির্বাচনত ডঃ শৰ্মাই প্রায় ডেৰ লাখ ভোট লাভ কৰিব বুলি আশা কৰা হৈছিল। কিন্তু প্ৰায় ডেৰ লাখ ভোট তেওঁ লাভ নকৰা বাবে জয়লাভৰ ব্যৱধানে এক লাখৰ ওচৰ চাপিবলৈ সক্ষম নহল । অৱশ্যে সুখৰ বিষয় এইটোৱে যে প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰীকে ধৰি বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচনৰ পূৰ্বে ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি ঘোৰণা কৰিছিল । লক্ষণীয়ভাবে সেই ঘোষণা অনুসৰি ডঃ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হোৱাটো প্ৰায় নিশ্চিত হৈছে। এতিয়া বিজেপি দলে কেৱল আনুষ্ঠানিক ঘোষণা কৰিবলৈকেহে বাকী।
