বেয়া বতৰৰ প্ৰভাৱঃ পবিতৰাত স্থগিত হাতী ছাফাৰী

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা বন্ধ হ’ব হাতী ছাফাৰী। ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা অৰ্থাৎ ৫ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ হাতী ছাফাৰী সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে। বৰ্তমানৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন বিষয়াই এক চৰকাৰী জাননীৰ জৰিয়তে এই নিৰ্দেশনা জাৰি কৰে। প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ সুৰক্ষা তথা বন্যপ্ৰাণীৰ সুবিধাৰ বাবে বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে বৰষুণৰ ফলত অভয়াৰণ্যৰ ভিতৰৰ পথসমূহ দুৰ্গম হৈ পৰাৰ সম্ভাৱনা থকা বাবে আগতীয়াকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে।

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত অভয়াৰণ্যখনত হাতী ছাফাৰী সেৱা বন্ধ থাকিব। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ে এই সন্দৰ্ভত তথ্য আৰু জনসংযোগ বিভাগৰ লগতে পৰ্যটন বিভাগকো যাৱতীয় অৱগতিৰ বাবে জাননী প্ৰেৰণ কৰে। পবিতৰালৈ যোৱাৰ পৰিকল্পনা কৰা পৰ্যটকসকলক এই নতুন নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *