গৌৰৱ-লুৰিণ-দেৱব্ৰতৰ পৰাজয়, অখিলে নিশ্চিত কৰিলে গুৰুত্বপূৰ্ণ জয়

পুনৰ গেৰুৱা হ’ল অসম। এইবাৰ পূৰ্বতকৈও অধিক শক্তিশালীভাৱে নিজৰ আধিপত্য প্ৰদৰ্শন কৰি বিশাল বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল বিজেপি মিত্ৰজোঁট। সোমবাৰে ঘোষিত হোৱা অসম বিধানসভা নিৰ্বাচনত শাসকপক্ষৰ বহু হেভিৱেট প্ৰাৰ্থীৰ বিশাল বিজয়ৰ বিপৰীতে ৰণত পৰিবলগীয়া হয় কংগ্ৰেছৰ প্ৰদেশ সভাপতি গৌৰৱ গগৈ আৰু লুৰীণজ্যোতি গগৈৰ দৰে হেভিৱেট বিৰোধী প্ৰাৰ্থীয়ে। ৰাজ্যৰ ১২৬ টা সমষ্টিৰ ভোট গণনাৰ অন্তত এন ডি এ মিত্ৰজোঁটে দিছপুৰত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰে।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত ৮৯,৪৩৪ টা ভোটৰ ব্যৱধানত জয়লাভ কৰি ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ ১,২৭,১৫১ টা ভোট লাভ কৰি কংগ্ৰেছৰ বিদিশা নেওগক পৰাস্ত কৰে। নিৰ্বাচনৰ ঠিক পূৰ্বে বিজেপিত যোগ দিয়া ভূপেন কুমাৰ বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়েও ক্ৰমান্বয়ে বিহপুৰীয়া আৰু দিছপুৰ সমষ্টিত বিজয়ৰ সোৱাদ লাভ কৰে। বিহপুৰীয়াত ভূপেন বৰাই ৮,২৩৬ টা ভোটৰ ব্যৱধানত জয়ী হোৱাৰ বিপৰীতে দিছপুৰত প্ৰদ্যুৎ বৰদলৈয়ে ১,০৩,৩৩৬ টা ভোট সংগ্ৰহ কৰে।

ইফালে যোৰহাট সমষ্টিত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ২৩,১৮২ টা ভোটৰ ব্যৱধানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক পৰাস্ত কৰে। একেদৰে খোৱাং সমষ্টিত চক্ৰধৰ গগৈৰ হাতত ৯,৯৮৪ টা ভোটৰ ব্যৱধানত ধৰাশায়ী হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ। নাজিৰা সমষ্টিত বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও বিজেপিৰ ময়ূৰ বৰগোঁহাইৰ হাতত ৪৬,৭০১ টা ভোটত পৰাজিত হয়।

বিশেষভাৱে চৰ্চিত মধ্য গুৱাহাটী সমষ্টিত বিজেপিৰ বিজয় গুপ্তাই ৬১,০৯৫ ভোটৰ ব্যৱধানত যুৱপ্ৰজন্মৰ প্ৰাৰ্থী কুংকী চৌধুৰীক পৰাস্ত কৰে। মৰিয়নীত ড° জ্ঞানশ্ৰী বৰাও বিজেপিৰ ৰূপজ্যোতি কুৰ্মীৰ হাতত ২৬,৮৪০ টা ভোটত হাৰিবলগীয়া হৈছে। অৱশ্যে শিৱসাগৰত অখিল গগৈ আৰু বিন্নাকান্দিত বদৰুদ্দিন আজমলে নিজৰ আসন সুৰক্ষিত কৰি বিজয়ৰ ধাৰা অব্যাহত ৰাখে। কোকৰাঝাৰত বিপিএফৰ শিউলী মহিলাৰীয়ে ৩৯,৬৩৩ টা ভোটৰ ব্যৱধানত ইউপিপিএলৰ লৰেন্স ইছলাৰীক পৰাস্ত কৰি প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছে।

নলবাৰীত জয়ন্ত মল্লবৰুৱা আৰু জাগীৰোডত পীযুষ হাজৰীকাই বিশাল ভোটৰ ব্যৱধানত জয়লাভ কৰি নিজৰ আধিপত্য প্ৰমাণ কৰে। মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়েও বৃহৎ ব্যৱধানত জয়ী হৈ বিধানসভালৈ নিজৰ প্ৰৱেশ নিশ্চিত কৰে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এই ফলাফলে ৰাজ্যত গেৰুৱা মিত্ৰজোঁটৰ ভেটি অধিক মজবুত কৰি তুলিছে। ৰাজ্যজুৰি এতিয়া বিজেপি আৰু মিত্ৰদলৰ কৰ্মী-সমৰ্থকৰ মাজত ব্যাপক আনন্দ উল্লাস দেখা গৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *