ৰন্ধন গেছৰ ব্যৱহাৰত হ্ৰাস; পশ্চিম এছিয়াৰ সংঘাতৰ বাবে ভাৰতৰ ইন্ধন খণ্ডত নাটনি

বিগত এপ্ৰিল মাহত দেশত ১৬ শতাংশলৈ হ্ৰাস পাইছে ৰন্ধন গেছৰ ব্যৱহাৰ। পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিৱেশৰ বাবে যোগান ব্যৱাহত হোৱাৰ ফলতে ঘৰুৱা আৰু বাণিজ্যিক- দুয়োটা খণ্ডতে ইয়াৰ প্ৰভাৱ পৰিছে। পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ শেহতীয়া চৰকাৰী তথ্যই দেশৰ ইন্ধন খণ্ডৰ এই সংকটৰ ছবিখন স্পষ্ট কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি এপ্ৰিল মাহত এল পি জিৰ ব্যৱহাৰ আছিল ২.২ নিযুত টন। যোৱা বছৰৰ একে সময়ছোৱাত ২.৬২ নিযুত টন গেছ ব্যৱহাৰ হোৱাৰ বিপৰীতে এইবাৰ ব্যৱহাৰৰ হাৰ ১৬.১৬ শতাংশ নিম্নগামী হৈছে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পাছত গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী বন্ধ হৈ পৰাৰ বাবে বিদেশৰ পৰা অহা যোগান ব্যৱস্থা বৰ্তমান স্তব্ধ হৈ পৰিছে।

উল্লেখ্য যে ভাৰতে নিজৰ প্ৰয়োজনীয় এল পি জিৰ প্ৰায় ৬০ শতাংশই বিদেশৰ পৰা আমদানি কৰে। ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰাতৰ পৰা অহা যোগান ব্যাহত হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে হোটেল আৰু উদ্যোগ খণ্ডৰ গেছ যোগান কৰ্তন কৰে। চৰকাৰী পৰিসংখ্যা অনুসৰি যোৱা মাৰ্চ মাহৰ তুলনাত এপ্ৰিলত গেছৰ ব্যৱহাৰ যথেষ্ট কমিছে। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি উন্নত নহ’লে দেশত ৰন্ধন গেছৰ এই সংকট অধিক ঘনীভূত হোৱাৰ সম্ভাৱনা আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *