ডিব্ৰুগড়ৰ নিবাসী চেমিম আখতৰা আলিয়ে গুৱাহাটীৰ ভিভান্তাত ৩০ এপ্রিলত অনুষ্ঠিত Times Business Awards – North East 2026-3 “Excellence in Social Impact Leadership” শিতানত সন্মান লাভ কৰে। পূর্ব ভাৰতৰ ব্যৱসায়, সমাজসেৱা, উদ্যোগ আৰু বিভিন্ন সৃজনশীল ক্ষেত্রত উল্লেখযোগ্য অবদান আগবঢ়োৱা ব্যক্তিত্বসকলক সম্মান জনোৱাৰ উদ্দেশ্যে এই গৌৰৱময় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। সেই মঞ্চতেই সমাজসেৱা, মহিলা সৱলীকৰণ আৰু সুবিধাবঞ্চিত লোকসকলৰ কাষত দীর্ঘদিন ধৰি নিষ্ঠাৰে কাম কৰি অহাৰ স্বীকৃতি স্বৰূপে চেমিম আখতৰা আলিক এই সন্মান প্রদান কৰা হয়। দৰিদ্ৰ লোক, দৃষ্টিহীন ব্যক্তি আৰু বানপীড়িত পৰিয়ালৰ কাষত থিয় দি তেওঁ আগবঢ়োৱা মানৱিক সহায়-সহযোগিতাই সমাজত ইতিবাচক প্রভাব বিস্তাৰ কৰিছে।
চেমিম আখতৰা আলি ডিব্ৰুগড়ৰ নালিয়াপুলৰ জ্যেষ্ঠ সাংবাদিক তথা আলোৰণ কাকতৰ সম্পাদক প্রয়াত Rahmat Ali-ৰ দ্বিতীয় কন্যা। সমাজমুখী কৰ্মৰ বাবে তেওঁ ইয়াৰ পূৰ্বেও Femina Game Changer Award-ত সম্মানিত হৈছিল। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁ একাধিক সম্মান লাভ কৰি সমাজসেৱাৰ ক্ষেত্রত এক স্বকীয় স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে।
অনুষ্ঠানটোৰ অন্যতম বিশেষ আকর্ষণ আছিল বলিউডৰ জনপ্রিয় অভিনেতা গুলশান গ্রোভাৰৰ উপস্থিতি। তেওঁৰ হাতৰ পৰা সম্মান গ্রহণ কৰি আবেগাপ্লুত চেমিম আখতৰা আলিয়ে কয়, “এই সম্মান মোৰ বাবে অতি গৌৰৱৰ আৰু স্মৰণীয় এক মুহূর্ত। গুলশান গ্রোভাৰৰ দৰে এগৰাকী বিশিষ্ট ব্যক্তিত্বৰ হাতৰ পৰা এই স্বীকৃতি লাভ কৰি মই সত্যিই আনন্দিত। সমাজৰ প্রান্তিক আৰু সুবিধাবঞ্চিত লোকসকলৰ কাষত থিয় দিয়াটো মই মোৰ দায়িত্ব বুলি ভাবো। বিশেষকৈ মহিলাসকলৰ সৱলীকৰণ, আত্মবিশ্বাস বৃদ্ধি আৰু আত্মনির্ভৰশীলতা গঢ়ি তোলাৰ ক্ষেত্ৰত আগলৈও নিষ্ঠাৰে কাম কৰি যাম। সমাজৰ মানুহৰ মৰম, বিশ্বাস আৰু সহযোগিতাই মোক সদায় আগবঢ়াই লৈ যায়।” এই সম্মান কেৱল চেমিম আখতৰা আলিৰ ব্যক্তিগত সাফল্য নহয়; ই ডিব্ৰুগড়ৰ বাবেও এক গৌৰৱৰ বিষয়। তেওঁৰ এই সাফল্যে সমাজসেৱাৰ পথত আৰু বহুজনক অনুপ্রাণিত কৰিব বুলি আশা কৰা হৈছে।
