যোৰহাট বিধানসভা সমষ্টিৰ ভোট গণনাৰ প্ৰাৰম্ভিক ধাৰাত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে এক বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। শেহতীয়া তথ্য অনুসৰি ৩৮,০৭০ টা ভোট লাভ কৰি গোস্বামীয়ে নিজৰ স্থিতি সুদৃঢ় কৰাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ২৪,৯১০ টা ভোটত থমকি ৰৈছে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ অন্যতম চৰ্চিত নেতা গগৈৰ বাবে এই ফলাফলে বৰ্তমান যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
বিজেপিৰ জ্যেষ্ঠ নেতা হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই নিৰ্বাচনত জয়ী হ’লে ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱাৰ গৌৰৱ অৰ্জন কৰিব। আনহাতে প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ সপোন দেখা গৌৰৱ গগৈ বৰ্তমান ১৩ হাজাৰৰো অধিক ভোটত পিছ পৰি আছে। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ গণনা কেন্দ্ৰত বৰ্তমান ই ভি এমৰ পৰৱৰ্তী ৰাউণ্ডসমূহৰ গণনা চলিছে।
মন কৰিবলগীয়া যে ১ লাখ ৪৮ হাজাৰ ২৮০ গৰাকী ভোটাৰ থকা এই সমষ্টিটোত এইবাৰ ৭৮.৬৪ শতাংশ ভোটদান হৈছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত দুয়োগৰাকী উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে ব্যক্তিগত আক্ৰমণৰ পৰিৱৰ্তে এক মৰ্যাদাপূৰ্ণ ৰাজনীতি প্ৰদৰ্শন কৰিছিল। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি আজি বিয়লিৰ ভিতৰত যোৰহাটৰ এই হাইভোল্টেজ যুঁজখনৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব। চৰম উৎকণ্ঠাৰ মাজত প্ৰতিটো ৰাউণ্ডৰ গণনাই এতিয়া সমষ্টিটোৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে।
