লখিমপুৰত বন বিভাগত অনিয়মৰ অভিযোগ, গ্ৰেপ্তাৰৰ পাছতে কোটি টকীয়া কাৰবাৰৰ তথ্য পোহৰলৈ

বন বিষয়া শিৱাশীষ শাণ্ডিল্যৰ গ্ৰেপ্তাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ লখিমপুৰ বন বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ ধন দাবীৰ অভিযোগ। এজন বৈধ কুৱেৰী অনুজ্ঞাপত্ৰ ধাৰীয়ে বন বিভাগৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া শোষণ আৰু ছিণ্ডিকেটৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ জিলাখনতে জোকাৰণিৰ সৃষ্টি কৰিছে। বিভাগীয় বিষয়াৰ পৰা তলতীয়া কৰ্মচাৰীলৈকে চলি থকা এই ‘পদ্ধতিগত লুণ্ঠন’ৰ কাহিনীয়ে এতিয়া প্ৰশাসনৰ স্বচ্ছতাক লৈ অৱতাৰণা কৰিছে ডাঙৰ প্ৰশ্নচিহ্নৰ।

ইন্দ্ৰজিৎ মৰাং ওৰফে মাইকেল নামৰ ব্যৱসায়ীজনে দেওবাৰে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক দাবী কৰি কয়, “বিগত ২৫ বছৰত কেৱল ব্যৱসায়টো জীয়াই ৰাখিবলৈকে মই বন বিভাগক প্ৰায় ৫ কোটি টকাৰ অবৈধ ধন আদায় দিবলগীয়া হৈছে।” বালি আৰু শিলৰ বৈধ অনুজ্ঞাপত্ৰ থকাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষৰ ধাৰাবাহিক ধন দাবীৰ ফলত বৈধ ব্যৱসায়ীসকল জুৰুলা হোৱাৰ বিপৰীতে এচাম বিষয়াৰ হাতত অবাধ সম্পত্তি জমা হোৱা বুলিও তেওঁ গুৰুতৰ অভিযোগ তোলে।

কেৱল ধন দাবীয়েই নহয়, মাইকেলে আনকি এজন প্ৰাক্তন বিভাগীয় বন বিষয়াৰ বিৰুদ্ধে হাতীৰ চোৰাং ব্যৱসায়ত লিপ্ত থকাৰো অভিযোগ উত্থাপন কৰে। তেওঁৰ মতে, উদ্যোগবিহীন জিলাখনত এনে ছিণ্ডিকেটৰ বাবেই চৰকাৰী ৰাজহৰো ব্যাপক ক্ষতিসাধন হৈছে। ইফালে, প্ৰাক্তন ডি এফ অ’ মনোজ কুমাৰ গোস্বামীয়ে হাতী সৰবৰাহৰ এই অভিযোগ নস্যাৎ কৰি মাইকেলৰ বিশ্বাসযোগ্যতাৰ ওপৰতহে প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য যে, যোৱা ২ মে’ত ১২ হাজাৰ টকা ঘোচ লৈ থকা অৱস্থাত ৰেঞ্জাৰ শিৱাশীষ শাণ্ডিল্য গ্ৰেপ্তাৰ হোৱাৰ পাছতে এতিয়া এটাৰ পাছত আনটো কেলেংকাৰী পোহৰলৈ আহিবলৈ ধৰিছে। দৰিদ্ৰ নিবনুৱা যুৱকসকলে বালি-শিলৰ যোগান ধৰি আত্মনিৰ্ভৰশীল হ’বলৈ কৰা চেষ্টাক এই অসাধু চক্ৰই নিঃশেষ কৰি দিয়া বুলিও মৰাঙে মন্তব্য কৰে। ব্যৱসায়ীজনে বৰ্তমান এই সমগ্ৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি নিজৰ নিৰাপত্তাক লৈও শংকা প্ৰকাশ কৰে। চৰকাৰে এই ছিণ্ডিকেটৰ বিৰুদ্ধে কি কঠোৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষ্যণীয় হ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *