দিল্লীৰ শ্বাহদৰা জিলাৰ বিবেক বিহাৰ অঞ্চলৰ চাৰি মহলীয়া অট্টালিকাত দেওবাৰে পুৱা অগ্নিকাণ্ড সংঘটিত হৈ ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হয় ।
অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱতি নিশা ৩:৪৮ বজাত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে আৰু লগে লগে উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে ৷ অগ্নিকাণ্ডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ১৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । যথেষ্ট প্ৰচেষ্টাৰ অন্তত পুৱা প্ৰায় ৬:২৫ বজাত জুই নিয়ন্ত্ৰণ কৰা হয় যদিও উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে ।
