অসমত এইবাৰ উৎখাত হ’ব বিজেপি। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাত্ৰ কেইটামান ঘণ্টা বাকী থকা সময়ত এই দাবী কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে। শেহতীয়াকৈ বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট পলৰ সম্ভাৱনীয়তা নস্যাৎ কৰি লুৰীণজ্যোতিয়ে কয় যে অসমত এইবাৰ বিৰোধীৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত।
অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে সংবাদ প্ৰতিষ্ঠানসমূহৰ এগজিট পলৰ তথ্যক ‘সম্পূৰ্ণ ভুৱা’ বুলি অভিহিত কৰাৰ লগতে ইয়াৰ আঁৰত এক বিশেষ উদ্দেশ্য থকা বুলি অভিযোগ কৰে। তেওঁ কয়, “দলীয় কৰ্মী তথা প্ৰশাসনিক বিষয়াসকলৰ ওপৰত মানসিক চাপ সৃষ্টি কৰাৰ লক্ষ্যৰেই এনেধৰণৰ মূৰ্খতাপূৰ্ণ পূৰ্বানুমান প্ৰচাৰ কৰা হৈছে। ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত প্ৰভাৱ পেলোৱাৰ বাবে চৰকাৰে এনে কৌশল অৱলম্বন কৰাটো এতিয়া স্পষ্ট হৈ পৰিছে।”
ইফালে, বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত এন ডি এ চৰকাৰৰ নীতিৰ তীব্ৰ সমালোচনা কৰে এজেপিৰ নেতাগৰাকীয়ে। ইন্ধনৰ ধাৰাবাহিক মূল্য বৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰা বুলি উল্লেখ কৰি তেওঁ কয়, “এন ডি এ চৰকাৰ শাসনলৈ অহাৰ পৰাই মূল্য বৃদ্ধি এক ডাঙৰ সমস্যা হিচাপে থিয় দিছে। চৰকাৰ গঠন হ’লে মূল্য হ্ৰাস কৰিব বুলি তেওঁলোকে সাধাৰণ ৰাইজক কথা দিছিল, কিন্তু বাস্তৱত ইয়াৰ ওলোটাহে ঘটিছে।”
চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দি এইবাৰ বিজেপিক শাসনৰ পৰা উৎখাত কৰিছে বুলিও দাবী কৰে লুৰীণজ্যোতি গগৈয়ে।
