বিজেপিৰ মজিয়াৰ পৰাই আম আদমী পাৰ্টিৰ বিৰুদ্ধে সোচ্চাৰ ৰাঘৱ চাড্ডা; দলটোৰ কৰ্মসংস্কৃতিক ‘বিষাক্ত’ আখ্যা

গেৰুৱা শিবিৰত যোগদান কৰাৰ পাছতেই পোনপ্ৰথমবাৰৰ বাবে নিজৰ পূৰ্বৰ দল আম আদমী পাৰ্টিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই। দলটোৰ আভ্যন্তৰীণ পৰিৱেশ বৰ্তমান অত্যন্ত বিষাক্ত হৈ পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে এতিয়াৰ বিজেপি সাংসদগৰাকীয়ে। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে আৰম্ভণিতে দিয়া প্ৰতিশ্ৰুতিসমূহ বৰ্তমান ৰক্ষা কৰিব পৰা নাই বুলিও তেওঁ কঠোৰ সমালোচনা কৰে।

ৰাঘৱ চাড্ডাই কয়, “মই মোৰ যৌৱনৰ ১৫টা বছৰ এই দলটো গঢ়িবলৈ উচৰ্গা কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিৰ আম আদমী পাৰ্টিয়ে নিজৰ পুৰণি স্বৰূপ সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে।” সংসদৰ মজিয়াত দলৰ সদস্যসকলক নিজৰ মতামত প্ৰকাশ কৰিবলৈ বাধা দিয়া হৈছিল বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। শেহতীয়াকৈ দলটো ত্যাগ কৰা সাতগৰাকী সাংসদৰ সিদ্ধান্তক সমৰ্থন জনাই তেওঁ কয় যে সংসদত স্বাধীনভাৱে কথা কোৱাৰ অধিকাৰ খৰ্ব হোৱাৰ বাবেই এই পদত্যাগ অনিবাৰ্য আছিল।

উল্লেখ্য যে ৰাজ্যসভাৰ অধ্যক্ষই ইতিমধ্যে আম আদমী পাৰ্টিৰ সেই সাতগৰাকী প্ৰাক্তন সদস্যৰ বিজেপিৰ সৈতে হোৱা একত্ৰীকৰণক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ ফলত উচ্চ সদনত বিজেপিৰ আসনৰ সংখ্যা ১১৩ খনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আম আদমী পাৰ্টিৰ হাতত এতিয়া মাত্ৰ তিনিগৰাকী সদস্যহে আছে। ৰাঘৱ চাড্ডাৰ এই আক্ৰমণাত্মক স্থিতি আৰু ৰাজ্যসভাৰ সমীকৰণৰ এই পৰিৱৰ্তনে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *