ৰাণীৰ খপেগাঁৱ আৰু বিক্ৰমপুৰত বন্যহস্তীৰ তাণ্ডৱ

পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলক কাৰ্যালয়ৰ অন্তৰ্গত খপেগাঁৱত বন্যহস্তীৰ তাণ্ডৱৰ তাণ্ডৱৰ ফলত উজাগৰি নিশা কটাবলগীয়া কেইবাটাও পৰিয়ালে। উল্লেখ্য কালি পুৱতি নিশা ৩ বজাত গাঁওখনৰ বলিৰাম নাথ (৭৫) নামৰ খেতিয়কগৰাকীৰ ঘৰত প্ৰৱেশ কৰে এটি প্ৰকাণ্ড বনহস্তী। হাতীটোৱে নাথৰ ভড়াল ঘৰৰ বেৰ ভাঙি দি প্ৰায় ৫ মোহ ধান খাই তহিলং কৰে। ইপিনে হাতীটোক খেদিবলৈ চেষ্টা কৰিছিল বলিৰাম তথা তেওঁৰ পৰিয়ালৰ অন্যান্য সদস্যসকলে। কিন্তু ওলোটাই মানুহৰ ফালেহে চোঁচা মাৰি খেদি অহাত সকলোবোৰে ঘৰৰ ভিতৰত সোমাবলগীয়া হয়।

ওচৰ চুবুৰীয়াৰ হাই–উৰুমিত হাতীটো বলিৰামৰ ঘৰৰ পৰা আঁতৰি যায়। ইয়াৰ পাছত পুৱতি নিশা ৪ বজাত একেখন গাঁৱৰ মিনু নাথ (৫৫) নামৰ মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। সেই সময়ত মিনু নাথ টোপনি লালকাল দি আছিল। তেনে সময়তে মিনুৰ বিচনাখনৰ কাষৰ বেৰখন হাতীটোয়ে ভাঙি দিয়ে। লগতে কাপোৰ থোৱা আলনা এডাল শুঁৰেৰে টান মাৰি বাহিৰলৈ উলিয়ায় আনে। মিনু বিচনাখনৰ পৰা জাপ মাৰি একোণত থিতাপি লয়। তাৰ পাছত হাতীটোৱে মিনুৰ বিচনাৰ কাপোৰ–কানিবোৰ  টান মাৰি বাহিৰত দলিয়াই দিয়ে।

প্ৰাণৰ তাড়নাত মিনুই দুৱাৰ খুলি বাহিৰলৈ দৌৰ মাৰে। ওচৰ–চুবুৰীয়া ওলাই আহি হাই–উৰুমি লগোৱাত হাতীটো মিনুৰ ঘৰৰ পৰা গুচি যায়। একে সময়তে আন এটা হাতীয়ে কিছু নিলগৰ বিক্ৰমপুৰত নৰেশ্বৰী কলিতাৰ ঘৰটো তাণ্ডৱ চলায় ভঁৰাল ঘৰত থকা ধান খাই তহিলং কৰে। পাছত নালাপাৰা আৰু চেঁচা খণ্ড বন বিষয়া দুগৰাকী সহিতে বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষয়–ক্ষতিৰ পৰিমাণ বুজ লয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *