এক ভয়ংকৰ ঘটনা

নিশা কাছাৰৰ বৰখলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিমিষতে নৈত খহি পৰিল এখন পকী দলং। নৈত জপিয়াই প্রাণ ৰক্ষা কেইবাজনো লোকৰ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল হাৰং নৈৰ ওপৰত থকা ৰংঘৰ-ভাঙ্গাৰপাৰ সংযোগী এই পকী দলংখন। এই দলংখনৰ বাবে দীৰ্ঘদিনে যমৰ যাতনা ভূগি আহিছিল স্থানীয় ৰাইজে। এই দলংখন খহি পৰাৰ ফলত বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। যাতায়তৰ বাবে কোনো বিকল্প ব্যৱস্থা নথকাত স্থানীয় ৰাইজে এই জৰাজীৰ্ণ দলংখনেৰে অহা-যোৱা অব্যাহত ৰাখিছিল।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *