সীমান্তৰ সিপাৰৰ পৰা ভাৰত বিৰোধী কূটাঘাতমূলক কাৰ্য পৰিচালনা কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানৰ ভূমিত পুনৰ সক্ৰিয় হৈ পৰিছে ‘অজ্ঞাত বন্দুকধাৰী’। এইবাৰ দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিল কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ শ্বেখ ইউছুফ আফ্ৰিদী। খাইবাৰ পখতুনখোৱা অঞ্চলত অচিনাকি আক্ৰমণকাৰীৰ এটা দলে আফ্ৰিদীক লক্ষ্য কৰি চলোৱা নিৰৱচ্ছিন্ন গুলীবৰ্ষণৰ ফলত থিতাতে নিহত হয় এইগৰাকী লস্কৰ নেতা। পাকিস্তান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
প্ৰণিধানযোগ্য যে শ্বেখ ইউছুফ আফ্ৰিদী আছিল লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছৈয়দৰ সোঁহাত স্বৰূপ। খাইবাৰ পখতুনখোৱা অঞ্চলৰ পৰা নতুন মুজাহিদ তৈয়াৰ কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব ন্যস্ত আছিল তেওঁৰ ওপৰত। ইয়াৰ পৰাই প্ৰশিক্ষিত সন্ত্ৰাসবাদীসকলক কাশ্মীৰ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছিল। হাফিজ ছৈয়দৰ সৈতে কেইবাবাৰো ৰাজহুৱা মঞ্চত দেখা যোৱা আফ্ৰিদীৰ মৃত্যুৱে এতিয়া লস্কৰৰ সাংগঠনিক ভেটিত এক মোক্ষম আঘাত হানিছে।
স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই হত্যাকাণ্ড এক পৰিকল্পিত ‘টাৰ্গেট কিলিং’ হ’ব পাৰে। আৰক্ষীয়ে বৰ্তমান সকলো দিশৰ পৰা বিষয়টোৰ অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱা কিছু সময়ৰ পৰা পাকিস্তানৰ মাটিত ভাৰত বিৰোধী শক্তিসমূহৰ ওপৰত ধাৰাবাহিকভাৱে এনে আক্ৰমণ চলি আহিছে। যদিও বহুতে ইয়াৰ নেপথ্যত কোনো বিশেষ চোৰাংচোৱা সংস্থাৰ হাত থকা বুলি সন্দেহ কৰে, তথাপি ভাৰত চৰকাৰে এনে দাবীক সদায় অস্বীকাৰ কৰি আহিছে। কোনো ব্যক্তিৰ হত্যা বা আন দেশৰ সাৰ্বভৌমত্ব উলংঘা কৰা কাৰ্যত ভাৰত কেতিয়াও জড়িত নহয় বুলি চৰকাৰী পক্ষই ইতিমধ্যে স্পষ্ট কৰি দিছে। বিদ্ৰোহী সংগঠনসমূহেও এতিয়ালৈকে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই।
