পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ’ব কংগ্ৰেছ

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কংগ্ৰেছ নেতা পৱন খেড়াৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব বুলি ঘোষণা কৰিছে। শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খেৰাৰ আগতীয়া জামিন আবেদন নাকচ কৰে।

এই গোচৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ সৈতে জড়িত। খেড়াই অভিযোগ কৰিছিল যে শৰ্মাৰ পত্নীৰ হাতত একাধিক পাছপ’ৰ্ট আছে আৰু বিদেশত অঘোষিত সম্পত্তি আছে।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটাৰত লিখিছে-সমগ্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছে তেঁওলোকৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেড়াৰ সৈতে দৃঢ়তাৰে সংহতিৰে থিয় দিছে। তেওঁ লগতে কয়-উচ্চতম ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ প্ৰক্ৰিয়া চলি আছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *