পাকিস্তানৰ নিৰ্দেশত হিন্দু নেতাক হত্যাৰ ষড়যন্ত্ৰ; নয়ডাত এ টি এছৰ জালত আই এছ আইৰ দুই এজেণ্ট

সীমান্তৰ সিপাৰৰ পৰা পৰিচালিত এটা ভয়ংকৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ কূটাঘাতমূলক পৰিকল্পনা নসাৎ কৰিবলৈ সক্ষম হ’ল উত্তৰ প্ৰদেশ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখা। বৃহস্পতিবাৰে নয়ডাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মীৰাটৰ তুষাৰ চৌহান ওৰফে হিজবুল্লাহ আলী খান আৰু দিল্লীৰ সমীৰ খান নামৰ দুই যুৱকক। পাকিস্তানী গেংষ্টাৰ আৰু চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে গোপন যোগাযোগ ৰাখি পশ্চিম উত্তৰ প্ৰদেশত কূটাঘাত সংঘটিত কৰাৰ বাবে তেওঁলোকক দায়িত্ব দিয়া হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

আৰক্ষীৰ জেৰাত এই দুই যুৱকৰ ভয়ংকৰ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহে। তেওঁলোকে ভাৰতৰ কেইবাজনো জ্যেষ্ঠ হিন্দু নেতাৰ তথ্য সংগ্ৰহ কৰিছিল আৰু তেওঁলোকক হত্যা কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ পৰিকল্পনা কৰিছিল। পাকিস্তানী গেংষ্টাৰ শাহজাদ ভাট্টি আৰু আবিদৰ সৈতে তুষাৰ আৰু সমীৰে এনক্ৰিপ্টেড চেনেলৰ জৰিয়তে যোগাযোগ চলাই আহিছিল। এই কামৰ বিনিময়ত তেওঁলোকক বৃহৎ পৰিমাণৰ ধন আৰু কাম শেষ হোৱাৰ পাছত উপসাগৰীয় দেশৰ জৰিয়তে পাকিস্তানলৈ লৈ যোৱাৰ প্ৰলোভন দিয়া হৈছিল।

উল্লেখ্য যে, পাকিস্তানী হেণ্ডলাৰৰ সংস্পৰ্শলৈ অহাৰ পাছতেই তুষাৰে ইছলাম ধৰ্ম গ্ৰহণ কৰি নিজৰ নাম হিজবুল্লাহ আলী খান ৰাখিছিল। ইয়াৰ উপৰি তেওঁলোকৰ জিম্মাৰ পৰা এটা পিষ্টল, কেইবাজাই গুলী আৰু এখন দা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষী। ধৃত দুই যুৱকৰ বিৰুদ্ধে ইতিমধ্যে ইউ এ পি এ আইনৰ অধীনত গোচৰ ৰজু কৰা হৈছে। দেশৰ ভিতৰত তেওঁলোকৰ সৈতে আন কোনো নেটৱৰ্ক জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভত বৰ্তমান এ টি এছে অনুসন্ধান অব্যাহত ৰাখিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *