প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰৰ পেহেলগামৰ বুকুৰে বৈ যোৱা তেজৰ ধাৰাই আজিও স্তব্ধ কৰি ৰাখিছে উপত্যকাটোৰ পৰ্যটন উদ্যোগ। যোৱা বছৰৰ ২২ এপ্ৰিলত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বৈছাৰণ উপত্যকাত চলোৱা নাৰকীয় হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশবাসীয়ে চকুলোৰে সোঁৱৰণ কৰিছে সেই ক’লা দিনটো। ২৫ গৰাকী ভাৰতীয় আৰু এগৰাকী নেপালী পৰ্যটকক ধৰ্মৰ পৰিচয় সুধি নৃশংসভাৱে গুলীয়াই হত্যা কৰা সেই ঘটনাই এতিয়াও পৰ্যটকৰ মনত আতংকৰ সৃষ্টি কৰি ৰাখিছে।
পেহেলগামৰ পৰ্যটন খণ্ডত এই আক্ৰমণৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে এসময়ত পৰ্যটকেৰে ভৰি থকা অতিথিশালাসমূহ এতিয়া মৰিশালীৰ দৰে নিস্তব্ধ হৈ পৰিছে। বৈছাৰণৰ সমীপৱৰ্তী এক অতিথিশালাৰ গৰাকী জুবেইৰ আহমেদে কয়, “এসময়ত কৰ্মচাৰীসকলে কোঠা চাফা কৰাৰ আগতেই পৰ্যটকৰ ভিৰ লাগিছিল, কিন্তু এতিয়া আমি বুকিঙৰ বাবে দিন গণিবলগীয়া হৈছে।” হোটেল ব্যৱসায়ীসকলৰ মতে, পৰ্যটকৰ অভাৱত কোঠাৰ ভাড়া আধা বা তাতকৈও অধিক হ্ৰাস পাইছে যদিও গ্ৰাহকৰ মনৰ পৰা ভয় আঁতৰা নাই।
চৰকাৰী তথ্যই এই পতনৰ এক শোচনীয় ছবি দাঙি ধৰিছে। ২০২৫ চনৰ মে’ মাহৰ পৰা ২০২৬ চনৰ এপ্ৰিল মাহলৈকে পেহেলগামত মাত্ৰ ৪.৩০ লাখ ঘৰুৱা পৰ্যটকৰ আগমন ঘটিছে, যিটো সংখ্যা পূৰ্বতে বাৰ্ষিক ১০ লাখৰো অধিক আছিল। বিশেষকৈ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত মাত্ৰ ৫৬০২ জন পৰ্যটকহে এই পৰ্যটনস্থলীটোলৈ আহিছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৯৪ শতাংশ কম। ইয়াৰ মাজতে নতুন হোটেল আৰু অতিথিশালাৰ ব্যাপক বৃদ্ধিয়ে স্থানীয় বিনিয়োগকাৰীসকলৰ বাবে ব্ৰেক-ইভেন পইণ্ট স্পৰ্শ কৰাটোও অসম্ভৱ কৰি তুলিছে।
মহাৰাষ্ট্ৰৰ পৰা ৩০ জনীয়া পৰ্যটকৰ দল লৈ অহা অনুপমা জামদাদে কয় যে সুৰক্ষাৰ অভাৱত পৰ্যটকসকলে এতিয়া ঘোঁৰাত উঠি মুকলি ঠাইলৈ যাবলৈও শংকিত হয়। পৰ্যটন গাইডসকলে পৰ্যটকক আত্মবিশ্বাস আৰু বীমাৰ নিশ্চয়তা দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ২০১৯ চনত ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত পৰ্যটন খণ্ডই যি গতি লাভ কৰিছিল, যোৱা বছৰৰ সেই ৰক্তক্ষয়ী আক্ৰমণে সমগ্ৰ অৰ্থনীতিকে এতিয়া এক গভীৰ সংকটৰ মাজলৈ ঠেলি দিছে।
