গুৱাহাটীত কৃত্ৰিম বান সমস্যা তীব্ৰ; জনসাধাৰণৰ সহযোগিতা বিচাৰি আহ্বান জয়ন্ত মল্ল বৰুৱাৰ

এজাক বৰষুণতে মহাসাগৰত পৰিণত হ’ল স্মাৰ্ট চিটী গুৱাহাটী। মহানগৰীৰ চুকে-কোণে সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা। এই দুৰ্বিষহ পৰিস্থিতিৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনসাধাৰণৰ সহযোগিতা আৰু সজাগতাৰ বাবে বিশেষ আহ্বান জনায়। এক সামাজিক মাধ্যমৰ পোষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে সন্ধিয়াৰ পৰা গভীৰ নিশালৈ হোৱা অভূতপূৰ্ব বৰষুণৰ ফলত চহৰখনৰ সৰহসংখ্যক এলেকা এতিয়া জলমগ্ন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই অহৰহ কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। ইফালে, বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত কেইদিনমানৰ বাবে সমগ্ৰ অসমতে বৰষুণৰ ধাৰা অব্যাহত থাকিব বুলি আগজাননী প্ৰদান কৰিছে। কেইবাখনো জিলাত বজ্ৰপাত আৰু ধুমুহাৰ সম্ভাৱনা থকা বুলি সতৰ্ক কৰিছে বতৰ বিজ্ঞানীসকলে। উত্তৰ-পূব অসম আৰু চুবুৰীয়া বাংলাদেশৰ ওপৰত সক্ৰিয় হৈ থকা বায়ুমণ্ডলীয় চক্ৰীয় আৱৰ্তৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণেও চহৰীয়া বান, যান-জঁট আৰু ভূমিস্খলনৰ সম্ভাৱনা ব্যক্ত কৰি সৰ্বসাধাৰণক সতৰ্ক কৰিছে।

যোৱা ২৪ ঘণ্টাত মহানগৰীৰ কেইবাটাও অঞ্চলত অভিলেখ পৰিমাণৰ বৰষুণ নথিভুক্ত হয়। জানিব পৰা মতে, খানাপাৰাত ২১৫ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ নিকটৱৰ্তী এলেকাসমূহত ১০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয়। বৰষুণৰ এই তীব্ৰতাই মহানগৰীৰ নলা-নৰ্দমাসমূহ উপচাই পেলায় আৰু ৰাজপথসমূহ নদীৰ ৰূপ ধাৰণ কৰে। এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে ১৯ এপ্ৰিলৰ নিশা এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। কৃত্ৰিম বানৰ সময়ত মুকলি নলাত পৰি পায়েল নাথ নামৰ এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটে। গুৱাহাটী মহানগৰ আৰক্ষী আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে তালাচী চলাই ঘটনাস্থলীৰ পৰা প্ৰায় ১৫০ মিটাৰ দূৰত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অনাগত দিনবোৰত মহানগৰবাসীক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। চহৰখনৰ বিধ্বস্ত ৰূপ দেখি এতিয়া ক্ষোভিত হৈ পৰিছে সচেতন নাগৰিক সমাজ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *