অমৃতপাল সিংক ডিব্ৰুগড় জেলত ৰাখাৰ দাবী, উচ্চ ন্যায়ালয়ৰ কাষ চাপিল পঞ্জাৱ চৰকাৰ

ডিব্ৰুগড় কাৰাগাৰতে ৰখা হওক খালিস্তানী নেতা অমৃতপাল সিঙক। এই অনুৰোধেৰে শেহতীয়াকৈ পঞ্জাৱ চৰকাৰে বৃহস্পতিবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত এখন নতুন আবেদন দাখিল কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত থকা সাংসদগৰাকীৰ আটকৰ সময়সীমা অহা ২২ এপ্ৰিলত অন্ত পৰিব বাবে চৰকাৰে এই আইনী তৎপৰতা আৰম্ভ কৰিছে। পঞ্জাৱ চৰকাৰৰ হৈ অধিবক্তাই মুখ্য ন্যায়াধীশ শীল নাগুৰ বিচাৰপীঠক জনায় যে চৰকাৰে অমৃতপালক পুনৰ গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰতে জিম্মাত ৰাখিব বিচাৰে। চোৰাংচোৱা সংস্থাৰ তথ্য আৰু নিৰাপত্তাজনিত কাৰণ দৰ্শাই ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথা আদালতক অৱগত কৰে। অমৃতপালৰ অধিবক্তা ইমান সিং খাৰাই জনায় যে উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে এই আৱেদনৰ শুনানি গ্ৰহণ কৰিব।

ইফালে উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে অমৃতপাল সিঙৰ এক আৱেদন খাৰিজ কৰে। পঞ্জাৱ চৰকাৰে যোৱা বৰ্ষৰ এপ্ৰিল মাহত জাৰি কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনৰ তৃতীয়টো আটক আদেশক প্ৰত্যাহ্বান জনাই অমৃতপালে এই আৱেদন দাখিল কৰিছিল। আদালতৰ বিভাগীয় বিচাৰপীঠে এই প্ৰতিৰোধমূলক আটক আদেশৰ বিৰুদ্ধে কোনো ধৰণৰ অবৈধতা বিচাৰি পোৱা নাই বুলি ৰায়দান কৰে অমৃতসৰ গ্ৰাম্য আৰক্ষী অধীক্ষকৰ জৰিয়তে দাখিল কৰা নতুন আৱেদনখনত চৰকাৰে অনুৰোধ জনায় যে গ্ৰেপ্তাৰৰ পিছত অমৃতপালক ডিব্ৰুগড়তে ৰাখি জেৰা কৰাৰ অনুমতি দিব লাগে। ইয়াৰ উপৰি গ্ৰেপ্তাৰৰ পৰা আৰম্ভ কৰি আৰক্ষীৰ জিম্মা আৰু অভিযোগনামা দাখিল কৰালৈকে সমগ্ৰ ন্যায়িক প্ৰক্ৰিয়া ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্পন্ন কৰিবলৈ চৰকাৰে আদালতক আৱেদন জনাইছে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপালক ৰখাৰ সন্দৰ্ভত অসম চৰকাৰেও ইতিমধ্যে সন্মতি প্ৰদান কৰাৰ কথা আৱেদনখনত উল্লেখ কৰে।

২০২৩ চনৰ আজনালা আৰক্ষী থানাত আক্ৰমণৰ গোচৰৰ সৈতে জড়িত অমৃতপাল সিং বিগত এবছৰতকৈ অধিক সময় ধৰি ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হৈ আছে। দেশবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা আৰু খালিস্তানী বিচ্ছিন্নতাবাদী আন্দোলনৰ প্ৰচাৰ চলোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে চৰকাৰে কঠোৰ নিৰাপত্তা আইন বলৱৎ কৰে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হোৱা অমৃতপালৰ নিৰাপত্তা আইনৰ ম্যাদ শেষ হোৱাৰ ঠিক পূৰ্বমুহূৰ্ততে পঞ্জাৱ চৰকাৰে এই গুৰুত্বপূৰ্ণ আইনী পদক্ষেপ গ্ৰহণ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *