সীমান্ত আৰু ধৰ্মীয় মেৰুকৰণেৰে তীব্ৰ আক্রমণ: মমতাৰ বিৰুদ্ধে হিমন্তৰ হুংকাৰ

পশ্চিমবংগত নিৰ্বাচনী যুঁজ তীব্ৰতৰ হৈ পৰাৰ মাজতে বিজেপিৰ হৈ প্ৰচাৰ চলাই মমতা বেনাৰ্জীক লক্ষ্য কৰি লোৱা দেখা গ’ল হিমন্ত বিশ্ব শৰ্মাক। বৃহস্পতিবাৰে কোচবিহাৰ দক্ষিণত আয়োজিত এক বিশাল জনসভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ শাসনকালৰ তীব্ৰ সমালোচনা কৰে। ধৰ্মীয় অনুষ্ঠানক লৈ পশ্চিমবংগত বিৰ্তকিত মন্তব্য কৰাটো এক সহজলভ্য বিষয় হৈ পৰা বুলি অভিযোগ কৰি এনে আচৰণ অসম বা উত্তৰ প্ৰদেশত সহ্য কৰা নহয় বুলিও তেওঁ হুংকাৰ দিয়ে। তৃণমূল কংগ্ৰেছৰ নেতৃত্বই ৰাজ্যখনত যিকোনো মন্তব্য কৰিব পৰা এক মুকলি পৰিৱেশ গঢ়ি তুলিছে বুলিও তেওঁ তীব্ৰ কটাক্ষ কৰে।

সীমান্ত সুৰক্ষাৰ প্ৰসংগতো তৃণমূল চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসম আৰু ত্ৰিপুৰাত সীমান্তত কাঁটাতাঁৰৰ বেৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। কিন্তু পশ্চিমবংগত এতিয়াও এই কাম আধৰুৱা হৈ থকা বুলি তেওঁ দাবী কৰে। বিজেপি চৰকাৰ শাসনলৈ আহিলে সীমান্তত বৈদ্যুতিক বেৰ দিয়াৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ কথা তেওঁ ঘোষণা কৰে। বিৰোধী দলটোৱে সীমান্ত নিয়ন্ত্ৰণৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগত এক সমন্বিত শাসনৰ পোষকতা কৰে।

ৰাজ্যখনৰ জনসাধাৰণক বিজেপিক সমৰ্থন দিবলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াৰ দ্বাৰাহে অঞ্চলটোৰ নিৰাপত্তা নিশ্চিত কৰাটো সম্ভৱ। তৃণমূল কংগ্ৰেছে কেৱল পৰিচয়ৰ ৰাজনীতি কৰি ৰাজ্যখনক বিপথে চলাই থকা বুলিও তেওঁ মন্তব্য কৰে। নিৰ্বাচনী ফলাফলৰ ওপৰতে এতিয়া পশ্চিমবংগৰ সুৰক্ষা আৰু উন্নয়নৰ দিশটো নিৰ্ভৰ কৰিছে। ইতিমধ্যে নিৰ্বাচনী আয়োগে প্ৰতিটো পৰ্যায়তে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *