গৰু বিহুৰ আনন্দত মুখৰিত অসম; পৰম্পৰাগত ৰীতিৰে ৰাজ্যজুৰি উদযাপন

চ’ত আৰু ব’হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি মঙলবাৰে উদযাপন কৰিছে বিহুৰ এই প্ৰথমটো দিন। কৃষিজীৱী ৰাইজে পুৱাতেই ওচৰৰ নৈ, বিল বা পুখুৰীলৈ গৰু লৈ গৈ ধুৱাইছে গা। পৰম্পৰা অনুসৰি লাও, বেঙেনা আৰু হালধি গৰুৰ গাত দি প্ৰতিজন কৃষকে গাইছে— ‘লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা’।

লোক বিশ্বাস অনুসৰি গৰু বিহুৰ দিনা সন্ধিয়া গোহালিৰ গৰুকেইটাক নতুন পঘাৰে বন্ধা হয়। মাহ, হালধি আৰু তেল সানি এই নতুন পঘাৰে গৰুক বান্ধিলে বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি বিশ্বাস কৰে গ্ৰাম্য সমাজে। একেদৰে গৃহস্থই খেৰ আৰু বিহলঙনী আদিৰে জুই জ্বলাই গৰুৰ আগত ধোঁৱা বিচনীৰে বিচি দিয়াৰ নিয়ম আজিও বিদ্যমান। অসমীয়া সংস্কৃতিত ‘জাগ দিয়া’ নামেৰে পৰিচিত এই পৰম্পৰাৰ জৰিয়তে পশুধনৰ কুশল কামনা কৰে প্ৰতিগৰাকী গৃহস্থই।

আনহাতে বুধবাৰে ৰাজ্যত পালন কৰা হ’ব বাপতিসাহোন মানুহ বিহু। কঙালী আৰু ভোগালীৰ পাছত এতিয়া ৰঙালীক আদৰিবলৈ চাৰিওফালে দেখা গৈছে এক উছাহপূৰ্ণ পৰিৱেশ। কৰ্মসূত্ৰে চহৰত থকা বহু লোক ইতিমধ্যে গাঁৱৰ অভিমুখে ঢাপলি মেলিছে। ঢোল-পেঁপাৰ শব্দই ৰাজ্যৰ আকাশ-বতাহ মুখৰিত কৰি তোলাৰ লগতে বৰ্ষটোৰ নতুন দিনটোক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়াই গ্ৰহণ কৰিছে ব্যাপক প্ৰস্তুতি।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *