নিউ হাফলঙত সুৰংগৰ ভিতৰত ম’হৰ জাকৰ সৈতে কাঞ্চনজংঘা এক্সপ্ৰেছৰ সংঘৰ্ষ; ৮ টা ম’হৰ মৃত্যু

অসমৰ ডিমা হাছাও জিলাৰ লামডিং-বদৰপুৰ পাহাৰীয়া ৰেলপথত সোমবাৰে সংঘটিত হয় এক মৰ্মান্তিক ৰেল দুৰ্ঘটনা। নিউ হাফলং ৰেল ষ্টেচনৰ সমীপৰ এটা সুৰংগৰ ভিতৰত সোমবাৰে দিনৰ প্ৰায় ১১:৫৫ বজাত এক কৰুণ দুৰ্ঘটনা সংঘটিত হয় কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এটা বনৰীয়া ম’হৰ জাকৰ মাজত। ৰেল বিভাগৰ সূত্ৰই জনোৱা মতে, ১৬ নম্বৰ সুৰংগৰ ভিতৰত হঠাতে সোমাই পৰা ম’হৰ জাকটোক তীব্ৰবেগী যাত্ৰীবাহী ৰেলখনে খুন্দা মৰাৰ ফলত কেইবাটাও পশুধনৰ মৃত্যু ঘটে। এই সংঘৰ্ষৰ বাবে পাহাৰীয়া ৰেলপথছোৱাত ৰেল চলাচলত সাময়িকভাৱে বাধাৰ সৃষ্টি হয়। প্ৰাথমিক তথ্য অনুসৰি, তীব্ৰ সংঘৰ্ষৰ ফলত ম’হৰ জাকটো ৰেলখনৰ ইঞ্জিনৰ তলত সোমাই পৰে। এই দুৰ্ঘটনাত থিতাতে ৮ টা ম’হৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাটাও পশুধন গুৰুতৰভাৱে আহত হোৱা বুলি সদৰী কৰিছে ৰেল কৰ্তৃপক্ষই। ঘটনাৰ খবৰ পোৱাৰ লগে লগে নিউ হাফলঙৰ পৰা ৰেলৱে ইঞ্জিনিয়াৰিং বিভাগ আৰু ৰেল সুৰক্ষা বাহিনীৰ এটা দল দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ৰেলপথৰ পৰা মৃতদেহসমূহ আঁতৰাই যাতায়াত স্বাভাৱিক কৰিবলৈ তৎকালিনভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে বিভাগীয় কৰ্মীসকলে।

পৰিস্থিতিৰ গুৰুত্ব বুজি ৰেলখনক পুনৰ নিউ হাফলং ষ্টেচনলৈ ওভতাই নিয়া হয় যাতে ইঞ্জিনৰ তলত আৱদ্ধ হৈ থকা ম’হবোৰক নিৰাপদে উলিয়াই আনিব পৰা যায়। ৰেলপথৰ সুৰক্ষা সম্পূৰ্ণৰূপে নিশ্চিত কৰাৰ পাছতহে পুনৰ যাত্ৰাৰ অনুমতি দিয়া হয় ৰেলখনক। উদ্ধাৰকাৰী দলে ৰেলপথ পৰিষ্কাৰ কৰাৰ পাছতে লামডিং-বদৰপুৰ পাহাৰীয়া শাখাৰ ৰেল যাতায়াত পুনৰ স্বাভাৱিক হৈ পৰে বুলি নিশ্চিত কৰিছে ৰেল বিষয়াসকলে। এই ভয়ংকৰ দুৰ্ঘটনাত ৰেলখনৰ কোনো যাত্ৰী বা কৰ্মচাৰী হতাহত হোৱা নাই। পাহাৰীয়া অঞ্চলৰ সুৰংগসমূহত পশুধনৰ প্ৰৱেশ ৰোধ কৰিবলৈ আৰু ভৱিষ্যতে এনে দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ সুৰক্ষা ব্যৱস্থা পুনৰীক্ষণ কৰা হ’ব বুলি জানিব পৰা গৈছে। নিৰ্বাচনী ব্যস্ততাৰ মাজতে সংঘটিত এই ৰেল দুৰ্ঘটনাটোৱে এতিয়া সমগ্ৰ ডিমা হাছাও জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *