অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্য মণিপুৰৰ তিনিখন সীমান্তৱৰ্তী জিলাত ‘ড্ৰাই ডে’ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে। নিৰ্বাচনৰ পূৰ্বে আৰু নিৰ্বাচনৰ দিনটোত হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আবকাৰী বিভাগে। মণিপুৰৰ আবকাৰী আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা এক জাননী অনুসৰি, ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ এই নিষেধাজ্ঞা বলবৎ থাকিব। অসমৰ ভোটগ্ৰহণৰ দিনটোৰ সৈতে সংগতি ৰাখি ৰাজ্যখনৰ সীমান্তৱৰ্তী তামেনলং, জিব্ৰাম আৰু ফেৰজল জিলাত এই নিৰ্দেশ জাৰি কৰা হয়।
জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫চি ধাৰা আৰু পূব বংগ আৰু অসম আবকাৰী আইন, ১৯১০ৰ ১৭(৩) ধাৰাৰ অধীনত এই জাননী জাৰি কৰিছে চৰকাৰে। নিৰ্দিষ্ট সময়ছোৱাত জাননীভুক্ত এলেকাসমূহত সুৰা বিক্ৰী, বিতৰণ আৰু পৰিবেশন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা আৰু স্বচ্ছ কৰাৰ স্বাৰ্থত অসমৰ নিৰ্বাচনমুখী অঞ্চলসমূহত ভোটাৰক প্ৰলোভিত কৰিবলৈ যাতে সুৰাৰ অপব্যৱহাৰ নহয়, তাৰ বাবে এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে মণিপুৰ চৰকাৰে।
চৰকাৰী এই নিৰ্দেশনা সকলো অনুজ্ঞাপত্ৰ প্ৰাপ্ত প্ৰতিষ্ঠান যেনে খুচুৰা সুৰা বিক্ৰী কেন্দ্ৰ, বাৰ আৰু হোটেলৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য হ’ব। আবকাৰী আৰু নিৰ্বাচনী আইন উলংঘন কৰা যিকোনো পক্ষৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষই সকীয়াই দিছে। সাধাৰণতে নিৰ্বাচনৰ সময়ত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সীমান্তৱৰ্তী অঞ্চলসমূহত এনেদৰে ‘ড্ৰাই ডে’ ঘোষণা কৰা হয়।
