এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সভা আৰু পাণ্ডু শাখাৰ অধিবেশন সম্পন্ন

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ এখন কাৰ্যনিৰ্বাহক সভা ইউনিয়নৰ পাণ্ডু শাখাৰ উদ্যোগত পাণ্ডুস্থিত ৰেলৱেৰ কমিউনিটি হল কল্যাণ মণ্ডপ প্ৰাংগণত ২৪ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। একেখন সভাতে ইউনিয়নৰ পাণ্ডু শাখাৰ দ্বি-বাৰ্ষিক অধিৱেশনখনো অনুষ্ঠিত হয়। আনহাতে  ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি পাৰ্থ ভৌমিকৰ  সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে ইউনিয়নৰ পাণ্ডু শাখাৰ সভাপতি সঞ্জয় দাসে। আনহাতে  ইউনিয়নৰ  পাণ্ডু শাখাৰ সম্পাদক বৈদ্যনাথ গুপ্তাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা  অনুষ্ঠানত  ভাগ লৈ বিশিষ্ট শ্ৰমিক নেতা আৰু ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ভাষণ প্ৰসংগত শীঘ্ৰেই আশ্ৰম দৰমহা আয়োগৰ প্ৰতিবেদন অনুসৰি  ৰেলৱে কৰ্মচাৰীক দৰমহা প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাকে ধৰি জন্মলগ্নৰে পৰা ইউনিয়নে ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰীৰ  নাৰ্য্য প্ৰাপ্তিৰ হকে কিদৰে সবলভাবে মাত মাতি আহিছে তাৰ আলোকপাত কৰি ইউনিয়নৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ হকে সর্বস্ব উজাৰি দিবলৈ সকলোকে আহ্বান জনায়।

সভাত ইউনিয়নৰ কাৰ্যকৰী সভাপতি দীনেশ পাচোৱান আৰু মধুসুদন দাস, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ  দাস, যুটীয়া সাধাৰণ সম্পাদক ক্ৰমে – দিগন্ত বৰুৱা , ৰুবুল বৰুৱা  আৰু দেবাশীষ মুখাৰ্জী ,  কোষাধক্ষ্য জোন দাসকে ধৰি  কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকি ভাষণ প্ৰসংগত  কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰে আৰু ৰেলৱেৰ ব্যক্তিগতকৰণ কৰাৰ সলনি এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ বাবে দাবী জনায়। সভাত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত আছিল। আনহাতে ইউনিয়নৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে যোৱা ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহত ৰেল নগৰী লামডিঙত ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ তিনিদিনীয়াকৈ অধিবেশন অনুষ্ঠিত হৈছিল।

তাৰ পাছত  নৱনিৰ্বাচিত কমিটিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা  পাণ্ডু শাখাৰ অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয়। ইফালে পাণ্ডু শাখাৰ অধিৱেশনত এখন  ১৯ জনীয়া নতুন কমিটী গঠন কৰা। সেই অনুসৰি সৰ্বসন্মতিক্ৰমে  আগন্তুক দুই বছৰীয়া কাৰ্যকালৰ বাবে পুনৰ সঞ্জয় দাসক সভাপতি আৰু বৈদ্যনাথ গুপ্তাক সম্পাদক হিচাপে লৈ পাণ্ডু শাখাৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *