অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ এতিয়া গৰম হৈ পৰিছে।জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি আৰু দলীয় সাংগঠনিক শক্তিৰ ওপৰত ভিত্তি কৰি আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ দলৰ ‘বিজয় সংকল্প যাত্ৰা’ত ৰাইজৰ আশীৰ্বাদ লাভ কৰা বুলি দাবী কৰে।
নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিৰোধী এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে। তেওঁ কয়, “বিজেপিয়ে অসমৰ শত্ৰুসকলৰ শক্তি ইতিমধ্যে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে। অনাগত দিনত যিখিনি অৱশিষ্ট আছে, সেইখিনিও মই শেষ কৰি দিম।” বিজেপিৰ শাসনত অসমৰ সৰ্বাংগীন পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে খিলঞ্জীয়া লোকসকল বৰ্তমান দলটোৰ সৈতে আছে। তেওঁৰ মতে, “বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাহিৰে ৰাজ্যৰ সকলো লোক বিজেপিলৈ ঢাপলি মেলিছে। কোনো স্থানীয় খিলঞ্জীয়া ভাৰতীয় লোকে কংগ্ৰেছক ভোট নিদিয়ে।”
কংগ্ৰেছক তুচ্ছ-তাচ্ছিল্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ভাৰতত চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছৰ কোনো শক্তি নাই, তেওঁলোকে পাকিস্তানতহে চৰকাৰ গঠন কৰিব পাৰিব। জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা শৰ্মাই ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হ’ব বুলি আশাবাদী। অহা ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব নিৰ্বাচন আয়োগে। শাসকীয় এন ডি এ আৰু কংগ্ৰেছৰ মাজত হ’বলগীয়া এই তীব্ৰ যুঁজখনৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে উৎসুকতাৰে অপেক্ষা কৰিছে।
