শোণিতপুৰ জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন ট্ৰাক আৰু ৰোগী কঢ়িয়াই অনা এখন এম্বুলেন্সৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষত থিতাতে ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত আন এগৰাকীয়ে প্ৰাণ হেৰুৱায়। টুলিপ চাহ বাগিচাৰ পৰা ঢেকীয়াজুলি চিকিৎসালয়লৈ ৰোগী লৈ আহি থকাৰ সময়তে এই মৰ্মান্তিক দুৰ্ঘটনাটো ঘটে।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এজন লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ থকা লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জনোৱা মতে, সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতে ৬ জন যাত্ৰীৰ মৃত্যু ঘটে।
ইফালে, দুৰ্ঘটনাৰ পাছতে আৰক্ষী আৰু জৰুৰী সেৱাৰ দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰু ৰাষ্ট্ৰীয় ঘাইপথটো স্বাভাৱিক কৰি তোলে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ এক তদন্ত আৰম্ভ কৰিছে।
