বাইহাটা-তেজপুৰৰ ১৩৬ কিলোমিটাৰ পথ হ’ব চাৰিলেনযুক্ত; ১৫,৪৩১ কোটি টকাৰ মেগা প্ৰকল্পত বিত্ত মন্ত্ৰালয়ৰ অনুমোদন

ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী ১৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৫ চাৰিলেনযুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে। প্ৰায় ১৫,৪৩১ কোটি টকা ব্যয়সাপেক্ষ এই বিশাল প্ৰকল্পটোৰ জৰিয়তে বাইহাটা আৰু তেজপুৰৰ মাজত থকা দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা চিৰদিনৰ বাবে অন্ত পৰিব। সামাজিক মাধ্যমযোগে এই সুখবৰ সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ আন্তঃগাঁথনি উন্নয়নত ধাৰাবাহিক সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰস্তাৱিত এই প্ৰকল্পটোৰ অধীনত বৰ্তমানৰ পথটোৰ ৭১ কিলোমিটাৰ অংশ বহল কৰাৰ বিপৰীতে প্ৰায় ৬৫ কিলোমিটাৰ নতুনকৈ নিৰ্মাণ কৰা হ’ব। যাতায়ত সুগম আৰু নিৰাপদ কৰিবলৈ এই ক’ৰিডৰত ১৫খনকৈ ডাঙৰ দলং, ১৯খন ফ্লাইঅভাৰ আৰু ৪৩টা আণ্ডাৰপাছ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই আধুনিকীকৰণে কেৱল সাধাৰণ যাতায়ততে নহয়, বৰঞ্চ প্ৰতিৰক্ষাৰ দিশৰ পৰাও বিশেষ তাৎপৰ্য বহন কৰিব।

বিশেষভাৱে তেজপুৰৰ সমীপত জৰুৰীকালীন অৱস্থাত বিমান অৱতৰণ কৰিব পৰাকৈ এটা ‘ইমাৰ্জেন্সী লেণ্ডিং ফেচিলিটী’ নিৰ্মাণ কৰাৰো সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহৰ যান-জঁট হ্ৰাস কৰিবলৈ বাইহাটা চাৰিআলি (৮ কিমি), চিপাঝাৰ (১০ কিমি), খাৰুপেটীয়া (৮ কিমি), ঢেকীয়াজুলী (৫ কিমি) আৰু মিছন চাৰিআলি-তেজপুৰ (২৮ কিমি) সংযোগী পথত নতুন বাইপাছ নিৰ্মাণ কৰা হ’ব।

এই মেগা প্ৰকল্পটো সম্পূৰ্ণ হ’লে সমগ্ৰ উত্তৰ পাৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে। বিত্ত মন্ত্ৰালয়ৰ এই সেউজ সংকেতৰ পাছত এতিয়া প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক আৰু অসামৰিক যাতায়ত ব্যৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হৈ পৰিব।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *