মুম্বাইৰ অসমীয়া মহিলা সমাজৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

মুম্বাইত থকা অসমীয়া মহিলা সমাজৰ সংগঠন শ্ৰীময়ী মহিলা মণ্ডল, মুম্বাইৰ উদ্যোগত  ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। সম্পাদিকা  সুমন শৰ্মাৰ  আদৰণি ভাষণেৰে শুভাৰম্ভ  হোৱা অনুষ্ঠানটোত  নিমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ অজন্তা  ফাটোৱালিয়ে চমু ভাষণত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ তাৎপৰ্য দাঙি ধৰে কয় যে  বৰ্তমান নাৰী সকল সকলো দিশতে তৎপৰ হোৱা উচিত।

সঘনাই হৈ থকা চাইবাৰ ক্ৰাইমৰ পৰা সাবধানতা, জীৱন বীমা, নোমিনী আদিৰ দৰে অতি সুক্ষ্ম বিষয়ৰ ওপৰত নাৰী সকলক সচেতন হ’বলৈ আহ্বান কৰে। অনুষ্ঠানত গীত পৰিৱেশন কৰে  ধৰিত্ৰী মালাকাৰে। স্বৰচিত কবিতা পাঠ  আৰু আবৃত্তি কৰে ক্ৰমে – সভানেত্ৰী  চিনু বৰগোহাঁই,  সদস্যা হিৰণ ভূঞা , মৌচুমী দাস , প্ৰণামিকা  দাস, কবিতা ৰাজকুমাৰী গগৈ, বৰ্ণালী মেচে।

ইংৰাজী কবিতা পাঠ কৰে  ৰাজশ্ৰী বৰঠাকুৰে আৰু হিন্দী কবিতা পাঠ কৰে পবিত্ৰা বৰঘৰীয়াই । ইয়াৰ উপৰিও অনুষ্ঠানত কেবাজনেও নৃত্য , গীত পৰিৱেশন কৰে। শেষত প্ৰীতি ভোজনৰে অনুষ্ঠানৰ সামৰণি পৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *