কলিয়াবৰত মৰ্মান্তিক দুৰ্ঘটনা! থিতাতে নিহত স্বামী, সংকটজনক পত্নীৰ অৱস্থা

মহা শিৱৰাত্ৰিৰ উছাহৰ মাজতে সোমবাৰে কলিয়াবৰৰ চুলুঙত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলায়। এখন পালচাৰ মটৰচাইকেল আৰু টাটা ডি আই বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এজন যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। মৰিগাঁৱৰ পৰা তেজপুৰ অভিমুখী এ এচ ২১ ই ৯৭৯২ নম্বৰৰ মটৰচাইকেলখনে বিপৰীত দিশৰ পৰা অহা এ এচ ১২ চি চি ৪৪৭৪ নম্বৰৰ বাহনখনক খুন্দা মৰাৰ ফলতে এই মৰ্মান্তিক ঘটনাটো ঘটে।

মৃত যুৱকজনক মৰিগাঁৱৰ বাসিন্দা জিয়াউৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোৰ সময়ত তেওঁৰ সৈতে থকা পত্নী মমতাজ বেগম মটৰচাইকেলৰ পিছফালে বহি আছিল আৰু সংঘৰ্ষৰ ফলত তেওঁ বিশেষভাৱে আঘাতপ্ৰাপ্ত হয়। দুয়োকে ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে জিয়াউৰক মৃত বুলি ঘোষণা কৰে।

আনহাতে মমতাজ বেগমৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁওলৈ প্ৰেৰণ কৰা হৈছে। উৎসৱৰ দিনটোতে এনে এক আকস্মিক দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে ম্লান কৰি পেলায় আনন্দৰ পৰিৱেশ। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *