অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণেৰে ভাৰতৰ শক্তি প্ৰদৰ্শনঃ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন মাত্ৰা

দেশৰ পাৰমাণৱিক প্ৰতিৰোধ ক্ষমতাক অধিক সুৰক্ষিত কৰিবলৈ ভাৰতে শুকুৰবাৰে সম্পন্ন কৰে শক্তিশালী বেলিষ্টিক মিছাইল অগ্নি-৩ৰ সফল পৰীক্ষণ। ওড়িশাৰ চাণ্ডীপুৰস্থিত ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা হোৱা এই পৰীক্ষণে দেশৰ সামৰিক শক্তিৰ উচ্চ প্ৰযুক্তি আৰু যুদ্ধংদেহী স্থিতিক পুনৰ এবাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে। ষ্ট্ৰ্যাটেজিক ফৰ্চেছ কমাণ্ডৰ তত্ত্বাৱধানত হোৱা এই পৰীক্ষণত মিছাইলটোৱে সকলো ধৰণৰ অপাৰেচনেল আৰু কাৰিকৰী মানদণ্ডত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

৩০০০ ৰ পৰা ৩৫০০ কিলোমিটাৰ দূৰত্বত থকা শত্ৰুৰ লক্ষ্যবস্তুক নিখুঁতভাৱে আঘাত হানিব পৰা এই মিছাইলটোৱে ভাৰতৰ সামৰিক ভঁৰালত এক বিশেষ স্থান দখল কৰিছে। পৃষ্ঠৰ পৰা পৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা এই বেলিষ্টিক মিছাইলটো পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে আধুনিক নেভিগেচন আৰু গাইডেঞ্চ চিষ্টেমেৰে সুসজ্জিত। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই বিকশিত কৰা এই মিছাইলটোৱে উৰণৰ সময়ত নিজৰ স্থিৰতা আৰু নিখুঁততাৰ প্ৰমাণ দি পূৰ্ব নিৰ্ধাৰিত লক্ষ্যবস্তুক ধ্বংস কৰে।

উল্লেখ্য যে, ভাৰতৰ থলুৱা মিছাইল বিকাশ কাৰ্যসূচীৰ অধীনত অগ্নি-১ ৰ পৰা অগ্নি-৫ লৈ বিভিন্ন পৰিসৰৰ মিছাইল নিৰ্মাণ কৰা হৈছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, অগ্নি-৩ৰ এই সফলতাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ কৌশলগত স্থিতিক অধিক মজবুত কৰিব। আনকি ভাৰতৰ এই শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থাই বৰ্তমান বহু মিত্ৰ দেশৰো দৃষ্টি আকৰ্ষণ কৰিছে।

অগ্নি চিৰিজৰ সৈতে সামৰিক ক্ৰুজ মিছাইল ব্ৰহ্মপুত্ৰৰ সংমিশ্ৰণে ভাৰতীয় সেনাক ৩০ ৰ পৰা ৫০০০ কিলোমিটাৰ দূৰত্বৰ যিকোনো লক্ষ্যবস্তুক সহজে ধ্বংস কৰাৰ ক্ষমতা প্ৰদান কৰিছে। চুবুৰীয়া দেশৰ সৈতে চলি থকা কৌশলগত প্ৰত্যাহ্বানৰ মাজতে ভাৰতৰ এই সামৰিক সফলতাই দেশৰ প্ৰতিৰক্ষা কবচক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *