ভাৰ্টিগো আৰু বে লেন্স (মুৰ ঘুৰণী আৰু ভাৰসাম্য সন্তুলন)ক্লিনিকৰ উদ্বোধন

গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত আজি ভাৰ্টিগো আৰু বে ** লেন্স (মুৰ ঘুৰণী আৰু ভাৰসাম্য সন্তুলন)ক্লিনিকৰ উদ্বোধন সফলভাৱে সম্পন্ন হয়, এই বিশেষ ক্লিনিকখনত মুৰ ঘুৰণী আৰু ভাৰসাম্য সমস্যাৰ প্ৰতি বিশেষায়িত চিকিৎসাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব। উক্ত অনুষ্ঠানত অসমৰ জল-সম্পদ, তথ্য প্ৰচাৰ, মুদ্ৰণ আৰু স্টেচনৰী বিভাগ তথা সামাজিক ন্যায় আৰু ক্ষমতায়ন বিভাগৰ কেবিনেট মন্ত্ৰী মহোদয় সম্মানীয় শ্ৰীযুত পীযুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত হৈ চিকিৎসালয়ৰ নেতৃত্বৰ সৈতে এই আধুনিক সুবিধাৰ শুভ উদ্বোধন কৰে। অনুষ্ঠান সম্বোধন কৰি শ্ৰী হাজৰিকাই হাস্পতালৰ এই উদ্যোগৰ প্ৰতি তেওঁৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কয়, ই স্বাস্থ্য সেৱা আৰু মানৱ কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ উল্লেখ কৰে যে ভৰ্টিগো আৰু বেলেন্স ক্লিনিকৰ স্থাপনে এই ৰোগ সংশ্লিষ্ট সমস্যাত আক্ৰান্ত ৰোগীসকলৰ বাবে অতি প্ৰয়োজনীয় সুবিধা কৰিব আৰু তেওঁলোকৰ ৰোগৰ ভাৰ হ্ৰাস কৰি জীৱনমান উন্নত কৰিব।উন্নত প্ৰযুক্তিৰে সজ্জিত আৰু বিশেষজ্ঞ ডাক্তৰসকলৰ এটি দলৰ দ্বাৰা সমৰ্থিত ভাৰ্টিগো আৰু বেলেন্স ক্লিনিকে উত্তৰ-পূৰ্ব ভাৰতত বিশেষায়িত স্বাস্থ্যসেৱা শক্তিশালী কৰি ৰোগীসকলক আধুনিক নিৰ্ণয় আৰু চিকিৎসা সুবিধা প্ৰদান কৰিব।

উল্লেখ্যযোগ্য যে এই শুভক্ষণত হাস্পতালখনৰ প্ৰতিষ্ঠাপক সঞ্চালক তথা অধ্যক্ষ বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ ভবানন্দ দাসে উক্ত ক্লিনিক খনলৈ শুভেচ্ছা জনায়।হেল্থ চিটি হাস্পতালৰ মেডিকেল চুপাৰিণ্টেণ্ডেণ্ট তথা এনাস্থেচিয়া বিভাগৰ ডাইৰেক্টৰ ডা: হেমজিৎ তালুকদাৰে আঁত ধৰা অনুষ্ঠানখনত হাস্পতালৰ মেডিকেল ডাইৰেক্টৰ প্ৰ’ফেচাৰ (ডা°.) ভবানী প্ৰসাদ চক্ৰৱৰ্তীৰ, ডেৰেক্টৰ মেডিকেল চাৰ্ভিচ ডা: অতনু বৰঠাকুৰ, আৰু কাণ নাক আৰু ডিঙিৰ বিশেষজ্ঞ ডা°. বিকাশ চৌধুৰীৰ উপস্থিতৰ লগতে হাস্পতালৰ চিকিৎসক নাৰ্ছ আৰু অন্যান্য কৰ্মীসকল উপস্থিত আছিল। ভাৰ্টিগো আৰু বেলেন্স ক্লিনিকৰ সংযোজনে হেল্থ চিটি হাস্পতালৰ উচ্চমানৰ আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ মিছনত আন এটা মাইলৰ খুঁটি স্থাপন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়ৰ অতি আধুনিক স্বাস্থ্যসেৱা তথা হেল্থ চিটি হাস্পতালৰ এই বিশেষ ক্লিনিকৰ প্ৰশংসা কৰি আৰু অসমত তথা উত্তৰ পূৰ্বাঞ্চলত জনস্বাস্থ্যৰ উন্নতিৰ বাবে এনেধৰণৰ বিশেষায়িত ক্লিনিকৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত চৰকাৰী আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰী ব্যক্তিগত খণ্ডৰ হাস্পতালৰ মাজৰ সহযোগিতাৰ জৰিয়তে সাধাৰণ ৰাইজৰ স্বাস্থ্যসেৱাৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্বপূৰ্ণ ভুমিকাৰ কথা উল্লেখ কৰে।

হেল্থ চিটি হাস্পতালৰ নতুন ভাৰ্টিগো আৰু বেলেন্স ক্লিনিকত ভিডিয়োনিষ্টাগমোগ্ৰাফী, ভেষ্টিবুলাৰ পুনৰ্বাসন থেৰাপী আৰু কেনালিথ ৰিপজিচনিং মেনুয়েভাৰসহ সম্পূৰ্ণ সেৱাসমূহ লগতে BPPV ইত্যাদি ৰ দৰে ৰোগৰ চিকিৎসা প্ৰদান কৰা হৈছে ।আধুনিক সঁজুলিৰে সজ্জিত এই ক্লিনিকে সঠিক নিৰ্ণয়, চিকিৎসা পৰিকল্পনা আৰু সম্পূৰ্ণ চিকিৎসা প্ৰদান কৰি ভাৰ্টিগো আৰু ভাৰসাম্য জনিত ৰোগৰ চিকিৎসা আৰু জীৱনমান উন্নত কৰিব। NABH-অনুমোদিত বহুবিশেষায়িত চিকিৎসালয় হিচাপে হেল্থ চিটি হাস্পতালে গুৱাহাটী তথা উত্তৰ পূব ভাৰতৰ এখন উচ্চমানৰ হাস্পতাল হিচাপে চিকিৎসা সেৱা সম্প্ৰসাৰণ কৰি আহিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *