কৰ্তব্যৰত অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বনৰক্ষী দিলীপ কোঁৱৰক বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ ; পৰিয়ালক উপযুক্ত আর্থিক ক্ষতিপূৰণসহ নিযুক্তিৰ দাবী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাজে সময়ে বনৰীয়া হাতী বা আন জীৱ – জন্তুৰ আক্ৰমণত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত কেবাজনো  বনকৰ্মীৰ মৃত্যু হোৱাৰ কেবাটাও ঘটনা সংঘটিত হৈছে।  ইয়াৰ মাজতে ২৯ জানুৱাৰীৰ দিনা পুৱতি নিশা  বন বিভাগৰ নগাওঁ বন সংমণ্ডলৰ শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ শিলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ  বনৰক্ষী দিলীপ কোঁৱৰ (৫৬) বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা সাধাৰণ ৰাইজক ৰক্ষা কৰিবলৈ গৈ হাতীৰ আক্ৰমণত ওলোটাই নিজেই নিহত হবলগীয়া হয়। এই কৰুণ ঘটনাই সাধাৰণ ৰাইজৰ লগতে বন বিভাগত শোকৰ ছাঁ পেলাইছে। আনহাতে  কৰ্তব্যৰত  অৱস্থাত এনে এক শোকাবহ অৱস্থাত  ঘটনাত দুজনকৈ বনকৰ্মী নিহত হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম বন কৰ্মচাৰী সন্থাই।

জানিব পৰা মতে ২৯ জানুৱাৰীৰ দিনা মাজনিশা প্ৰায় ১২ মান বজাত শিলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ দিলীপ কোঁৱৰসহ দুজন বনকৰ্মী, অসম বন সুৰক্ষা বাহিনীৰ দুজন সশস্ৰ জোৱান, এজন কেজুৱেল বনকৰ্মীসহ মুঠ পাঁচজনীয়া দলটো কলিয়াবৰৰ চামধৰা গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা সাধাৰণ ৰাইজক ৰক্ষাৰ বাবে গৈছিল। দলটোৱে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা অতি কৌশলৰে ৰাইজক ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও পুৱতি চাৰে তিনিমান বজাত নিশা বনৰীয়া হাতীৰ আক্ৰমণত কৰ্তব্যৰত অৱস্থাত দিলীপ কোঁৱৰ নিহঁত হবলগীয়া হয়। এটা বনৰীয়া হাতীয়ে অতি নিষ্ঠুৰ ভাবে দিলীপ কোঁৱৰক গছকি মাৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী জোনালী কোঁৱৰ, দুই পুত্ৰ ক্ৰমে – বিকাশ কোঁৱৰ আৰু শৰৎ কোঁৱৰকে ধৰি বহু আত্মীয় – স্বজন এৰি থৈ যায়।

আনহাতে এক বিবৃতিত অসম বন কৰ্মচাৰী সন্থাৰ উপদেষ্টাদ্বয় পুলিন মহন্ত আৰু ইন্দ্ৰ গগৈ ,  সভাপতি হোমেন পেগু ,  সাধাৰণ সম্পাদক ৰাহুল বৰা , প্ৰচাৰ সম্পাদক ৰাজা দাসে এটা বিবৃতিত এনে  মর্মান্তিক ঘটনাত সন্থাই গভীৰ শোক প্ৰকাশ কৰি নিহত বনৰক্ষী দিলীপ কোঁৱৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে। আনহাতে, সন্থাই কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া  বনৰক্ষী দিলীপ কোঁৱৰৰ পৰিয়ালক কমেও ২০ লাখ টকাৰ  এককালীন ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালৰ এজনক শিক্ষাগত অৰ্হতাৰ ভিত্তিত বন বিভাগত  নিযুক্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। একেদৰে সন্থাই দিলীপ কোঁৱৰক বন শ্বহীদ ঘোষণা কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *