মিঞাৰ বিৰুদ্ধে পুনৰ হুংকাৰ তুলি এইবাৰ চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ কৌশলগত সিদ্ধান্ত। ৰাজহুৱা নিৰ্মাণ বিভাগৰ অধীনৰ সকলো অনাগত প্ৰকল্পত কমেও ৫০ শতাংশ থলুৱা শ্ৰমিকক নিযুক্তি দিয়াটো বাধ্যতামূলক কৰিবলৈ চৰকাৰে নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি ৰাজ্যৰ নিৰ্মাণ খণ্ডত খিলঞ্জীয়া লোকৰ আধিপত্য সুনিশ্চিত কৰিবলৈ ঠিকাদাৰসকলক আহ্বান জনায়।
উল্লেখযোগ্য যে, ১৯৫১ চনৰ পূৰ্বে অসমলৈ অহা ‘মিঞা’সকলক ৰাজ্যত কাম কৰাৰ পৰা চৰকাৰে বাধা দিব নোৱাৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে যোৱা ২০-৩০ বছৰত অসমৰ উন্নয়ন দেখি বহু মিঞা লোকে ৰাজ্যত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আহিছে। তেওঁলোকক অসমৰ পৰা বাধা দিলে পশ্চিমবংগৰ কলকাতাৰ পথেদি তেওঁলোক পুনৰ ৰাজ্যত প্ৰৱেশ কৰে বুলিও তেওঁ মন্তব্য কৰে।
আনহাতে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ উৰণীয়া সেতু আৰু চানমাৰী-নুনমাটী উৰণীয়া সেতুৰ দৰে বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই উন্নয়নমূলক কামবোৰত থলুৱা যুৱক-যুৱতীৰ অগ্ৰাধিকাৰ থকাটো প্ৰয়োজনীয়। আনকি গাড়ীলৈকে আমাৰ থলুৱা ড্ৰাইভাৰ নাই বুলি আক্ষেপ প্ৰকাশ কৰি তেওঁ ঠিকাদাৰসকলক কেৱল অতি প্ৰয়োজন হ’লেহে পশ্চিমবংগৰ পৰা বাংলাদেশী মূলৰ শ্ৰমিক আনিবলৈ নিৰ্দেশ দিয়ে।
মন কৰিবলগীয়া যে, অহা ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে জাগীৰোড আৰু দিফলুৰ দুখন ডাঙৰ উৰণীয়া সেতু উদ্বোধন কৰা হ’ব। আন্তঃগাঁথনিৰ সমান্তৰালভাৱে অসমীয়া সমাজৰ অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাই চৰকাৰৰ মূল লক্ষ্য বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰৰ এই নতুন নীতিলৈ লক্ষ্য কৰিলে দেখা যায় যে ই কেৱল উন্নয়ন নহয়, বৰঞ্চ স্থানীয় নিযুক্তিৰ ক্ষেত্ৰত এক ভাৰসাম্য ৰক্ষা কৰাৰ এক সুপৰিকল্পিত পদক্ষেপ।
