জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ, দোষীক কঠোৰ শাস্তিৰ দাবী

অসমৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি কৰা জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ বাবে চৰকাৰী হস্তক্ষেপ বিচাৰি এতিয়া সৰব হৈ পৰিছে তেওঁৰ পৰিয়াল। ভাৰতৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য ৰাজহুৱা কৰি গৰিমাই উল্লেখ কৰে যে জুবিনৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰাটোৱে বৰ্তমান তেওঁলোকৰ একমাত্ৰ লক্ষ্য। স্মাৰকপত্ৰৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি তেওঁ কয়, “জুবিন গাৰ্গে সম্পূৰ্ণ সত্য আৰু উচিত ন্যায় পাবই লাগিব। প্ৰতিটো দিন-ৰাতি এতিয়া আমাৰ এটাই আশা যে দোষীয়ে কঠোৰতম শাস্তি লাভ কৰক।”

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই স্মাৰকপত্ৰই জনপ্ৰিয় শিল্পীগৰাকীৰ মৃত্যুক লৈ চলি থকা ন্যায়িক যুঁজখনত এক নতুন মাত্ৰা প্ৰদান কৰিছে। জুবিন অনুৰাগীসকলেও সামাজিক মাধ্যমত এই পদক্ষেপক সমৰ্থন জনোৱাৰ লগতে শিল্পীগৰাকীৰ মৃত্যুৰ আঁৰৰ সকলো সত্য ৰাইজৰ সন্মুখলৈ অহাটো বিচাৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *