চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰিবলৈ এগৰাকী যুৱকে গ্ৰহণ কৰা চৰম আত্মঘাতী পদক্ষেপৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ সুৰজ ভাস্কৰ নামৰ এগৰাকী ২৪ বছৰীয়া যুৱকে ‘দিব্যাঙ্গ কোটা’ৰ জৰিয়তে MBBS-ত আসন নিশ্চিত কৰিবলৈ নিজেই নিজৰ বাঁও ভৰি কাটি পেলোৱাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে।
বৃহস্পতিবাৰে আৰক্ষীয়ে কৰা এক সংবাদমেলত সদৰী কৰা অনুসৰি, ১৮ জানুৱাৰীত সুৰজে অজ্ঞাত লোকে তেওঁক মাৰপিট কৰি ভৰি কাটি দিয়া বুলি গোচৰ ৰুজু কৰিছিল। কিন্তু আৰক্ষীৰ তদন্তত যুৱকজনৰ ব্যক্তিগত ডায়েৰী আৰু তেওঁৰ প্ৰেমিকাৰ ভাষ্যই সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল কৰে। ডি-ফাৰ্মা সম্পূৰ্ণ কৰা সুৰজে ২০২৬ চনত যিকোনো প্ৰকাৰে ডাক্তৰ হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু সেই উদ্দেশ্যেই তেওঁ এনাৰেষ্টেচিয়াৰ ইনজেকচন লৈ অতি কৌশলেৰে নিজৰ ভৰি কাটি পেলাইছিল।
আৰক্ষীয়ে জনোৱা মতে, সুৰজৰ ফোনৰ কল ডিটেইলছ আৰু টাৱাৰ লোকেচন পৰীক্ষা কৰি দেখা গৈছে যে ঘটনাৰ সময়ত তেওঁৰ ওচৰলৈ কোনো অচিনাকি লোক অহা নাছিল। ইফালে, তেওঁৰ কোঠাৰ পৰা উদ্ধাৰ হোৱা ডায়েৰীত ২০২৬ চনত MBBS-ত নামভৰ্তিৰ লক্ষ্যৰ কথা উল্লেখ আছিল। শাৰীৰিকভাৱে অক্ষমৰ প্ৰমাণপত্ৰ যোগাৰ কৰিব নোৱাৰি শেষত তেওঁ নিজেই এনে চৰম পথ বাছি লয়। বৰ্তমান সুৰজ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা স্থিৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনাইছে যে মিছা তথ্যৰে বিভ্ৰান্ত কৰাৰ বাবে যুৱকজনৰ বিৰুদ্ধে অতি সোনকালে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
