২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ। বুধবাৰে কাৰ্বি আংলং জিলাৰ ডেন গাঁৱত এক বিশাল কৰ্মী সভাৰ আয়োজন কৰি কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনৰ ৰণডংকা বজায়। এই সভাত অংশগ্ৰহণ কৰি ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ নিৰ্বাচনী পৰ্যবেক্ষক ভূপেশ বাঘেলে বিজেপি চৰকাৰক লক্ষ্য কৰি এক চাঞ্চল্যকৰ মন্তব্য কৰে। তেওঁ কয় যে পূৰ্বে ভোটাৰে চৰকাৰ নিৰ্বাচন কৰিছিল যদিও এতিয়া চৰকাৰেহে নিজৰ সুবিধা অনুযায়ী ভোটাৰ নিৰ্বাচন কৰিবলৈ আৰম্ভ কৰিছে।
সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। গগৈৰ মতে, ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ বিজেপি দলে এতিয়া বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা নিজৰ দলীয় সদস্য আনি অসমৰ ভোটাৰ তালিকাত ভৰ্তি কৰাৰ অপচেষ্টা চলাইছে। তেওঁ অভিযোগ কৰে যে ৰাজ্যখনক শীৰ্ষ পাঁচখন ৰাজ্যৰ শাৰীলৈ নিয়াৰ পৰিৱৰ্তে বৰ্তমানৰ চৰকাৰখনে শিক্ষা আৰু স্বাস্থ্য খণ্ডত অসমক দেশৰ আটাইতকৈ নিম্ন পৰ্যায়ৰ পাঁচখন ৰাজ্যৰ এখনলৈহে অৱনমিত কৰিছে।
ইফালে, ৰাজ্যৰ বৰ্ধিত ঋণৰ বোজা আৰু চুকে-কোণে বৃদ্ধি পোৱা সুৰাৰ বিপণীসমূহক লৈও সৰৱ হৈ পৰে কংগ্ৰেছ নেতৃত্ব। গৌৰৱ গগৈয়ে কয় যে সাধাৰণ জনতাৰ ওপৰত কৰ-কাটলৰ বোজা জাপি দি চৰকাৰে এতিয়া সুৰাৰ ৰাজহেৰে ঋণ পৰিশোধৰ পৰিকল্পনা কৰিছে। তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে ২০২৬ চনত কংগ্ৰেছ শাসনলৈ আহিলে সুৰাৰ দোকানসমূহ বন্ধ কৰি তাৰ পৰিৱৰ্তে অধিক বিদ্যালয়-মহাবিদ্যালয় স্থাপনত গুৰুত্ব দিয়া হ’ব। পাহাৰীয়া জিলাখনত অনুষ্ঠিত এই সভাই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীসকলৰ মাজত নতুন উৎসাহৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে। খিলঞ্জীয়াৰ মাটি পুঁজিপতিৰ হাতত গতাই দিয়াৰ অভিযোগ তুলি বাঘেলে কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে জনতাই এতিয়া বিজেপি চৰকাৰক বিদায় দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে। এই নিৰ্বাচনী সভাই ৰাজ্যখনত আগন্তুক দিনত শাসক-বিৰোধীৰ মাজত এক তীব্ৰ প্ৰত্যাহ্বানমূলক যুঁজ হোৱাৰ ইংগিত দিছে।
