২০২৬ বৰ্ষৰ সন্মানীয় শিল্পী বঁটা ঘোষণাঃ মৰণোত্তৰভাৱে স্বীকৃতি সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ

অসমৰ কলা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজ্য চৰকাৰে ২০২৬ বৰ্ষৰ সন্মানীয় ‘শিল্পী বঁটা’ ঘোষণা কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা প্ৰদান কৰিবলগীয়া এই বঁটাৰ বাবে এইবাৰ নিৰ্বাচিত হৈছে প্ৰয়াত সমৰ হাজৰিকা আৰু বিশিষ্ট কণ্ঠশিল্পী ধনদা পাঠক। ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়োৱে শুকুৰবাৰে এখন সংবাদমেলযোগে এই বঁটাপ্ৰাপকসকলৰ তালিকাৰ লগতে শিল্পী পেন্সন আৰু বিভিন্ন ৰাজ্যিক পৰ্যায়ৰ সাংস্কৃতিক সন্মানসমূহৰ বিষয়েও জানিবলৈ দিয়ে।

শিল্পী বঁটাৰ লগতে ২০২৫ বৰ্ষৰ কেইবাটাও গুৰুত্বপূৰ্ণ সন্মানৰ বাবেও চয়ন কৰা হৈছে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক। প্ৰখ্যাত সাহিত্যিক মনেশ্বৰ দেউৰীলৈ কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী বঁটা আৰু জ্যেষ্ঠ সাংবাদিক ড° অমলেন্দু চক্ৰৱৰ্তীলৈ জাতীয় সংহতি আৰু সেৱাৰ বাবে গোপীনাথ বৰদলৈ বঁটা আগবঢ়োৱা হৈছে। আনহাতে, নাট্যকাৰ কৰুণা ডেকাক নটসূৰ্য ফণী শৰ্মা বঁটা, চিনেমা পৰিচালক অৰূপ মান্নাক ভবেন্দ্ৰ নাথ শইকীয়া বঁটা আৰু অৱনী ৰঞ্জন পাঠকক বিজু ফুকন বঁটাৰে সন্মানিত কৰা হ’ব।

চৰকাৰে ৮৩ গৰাকী শিল্পীক নিয়মিত পেন্সন আৰু ১৭০ গৰাকী শিল্পীক বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰাৰ লগতে শিল্পীসকলৰ কল্যাণৰ বাবে বিশেষ বিত্তীয় সাহাৰ্যৰ কথাও ঘোষণা কৰে। উল্লেখ্য যে প্ৰতিবছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথিত এই শিল্পী দিৱস উদযাপন কৰা হয়। এইবাৰৰ বঁটাপ্ৰাপক সমৰ হাজৰিকাৰ নামটোৱে সাংস্কৃতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অনুজ ভাতৃ সমৰ হাজৰিকাই ১৯৬০ ৰ দশকৰ পৰাই অসমীয়া সংগীত জগতক বিশেষভাৱে সমৃদ্ধ কৰিছিল। ‘উপপথ’, ‘বোৱাৰী’ আৰু ‘প্ৰভাতী পখীৰ গান’ৰ দৰে ছবিত কণ্ঠদান কৰা এইগৰাকী শিল্পীৰ বিয়োগত তেওঁক মৰণোত্তৰভাৱে এই সন্মানেৰে বিভূষিত কৰি চৰকাৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *