কংগ্ৰেছৰ ৰাজনীতিয়ে সংকটলৈ ঠেলি দিছে অসমীয়াৰ পৰিচয়ঃ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ সৰৱ মুখ্যমন্ত্ৰী

নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থৰ বাবে এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত আঁঠু লৈ কংগ্ৰেছে অসমৰ জাতীয় স্বাৰ্থ আৰু পৰিচয়ৰ সৈতে আপোচ কৰিছে। – এইদৰেই পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে ফেচবুক লাইভৰ জৰিয়তে জনতাক সম্বোধন কৰি শৰ্মাই অভিযোগ কৰে যে ৰাজ্যৰ এজন সাংসদে পাকিস্তানৰ সৈতে গোপন যোগাযোগ ৰক্ষা কৰি চলিছে আৰু এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি তেওঁৰ থকা ‘বিশেষ মৰম’ৰ সবিশেষ এই মাহৰ শেষৰ ফালে ৰাজহুৱা কৰা হ’ব। যদিও তেওঁ পোনপটীয়াকৈ কাৰো নাম লোৱা নাই, তথাপিও বিজেপিয়ে দীৰ্ঘদিন ধৰি যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ আৰু গৌৰৱ গগৈয়ে বুজি পোৱা উচিত যে মাতৃভূমিৰ কল্যাণ আৰু জাতিৰ পৰিচয়ক বলি দি এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত আঁঠু লোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। পাকিস্তানৰ সৈতে গোপন যোগাযোগ আৰু এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি থকা অত্যাধিক আসক্তিয়ে অসমৰ বাবে ভয়াৱহ বিপদ কঢ়িয়াই আনিছে বুলি তেওঁ দাবী কৰে। শৰ্মাই আৰু কয়, “আমাৰ জাতি এতিয়া সংকটত আৰু আমি ইয়াক বচাবলৈ চেষ্টা কৰি আছোঁ। কিন্তু এটা স্বাৰ্থান্বেষী মহলে আমাক দুৰ্বল কৰিবলৈ বিচাৰিছে।” ইয়াক তেওঁ এক ‘অস্তিত্বৰ যুদ্ধ’ বুলি অভিহিত কৰে।

শেহতীয়াভাৱে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছত যোগদান কৰাৰ সময়ত দিয়া বিতৰ্কিত মন্তব্যৰ প্ৰসংগতো মুখ্যমন্ত্ৰী সৰৱ হৈ পৰে। শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ কৰা সম্পৰ্কীয় মন্তব্যক সমালোচনা কৰি শৰ্মাই কয় যে আহোম ৰাজবংশৰ প্ৰথম ৰাজধানী তথা অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰক কোনো কাৰণতে ধুবুৰীৰ দৰে কৰিব নোৱাৰি। তেওঁ অভিযোগ কৰে যে ৰেজাউলে ‘শিক্ষা জেহাদ’ৰ কথা কোৱাৰ সময়ত কাষতে বহি থকা গৌৰৱ গগৈ নিমাত হৈ আছিল। এই নীৰৱতাই কংগ্ৰেছৰ নেতৃত্বৰ দায়বদ্ধতাহীনতা আৰু ধৰ্মৰ ভিত্তিত কৰা ৰাজনীতিৰ স্বৰূপ উদঙাই দিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *