পুনৰ ভাৰতীয়ৰ হাততে নিজৰ পৰিচয়ৰ বাবে লাঞ্ছিত হ’বলগীয়া হ’ল উত্তৰ-পূৰ্বৰ ছাত্ৰ। ডেৰাডুনত এঞ্জেল চাকমাৰ নৃশংস হত্যাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ মধ্যপ্ৰদেশৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ভিতৰতে এজন অসমৰ স্নাতকোত্তৰ ছাত্ৰক আঞ্চলিক পৰিচয়ৰ বাবেই বৰ্বৰভাৱে আক্ৰমণ কৰে এদল উন্মত্ত ছাত্ৰই। যোৱা ১৩ জানুৱাৰীৰ পুৱতি নিশা প্ৰায় ৪ বজাত সংঘটিত এই ঘটনাত অৰ্থনীতি বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হিৰশ জ্যোতি দাস গুৰুতৰভাৱে আহত হয়। ভুক্তভোগী ছাত্ৰজনে অভিযোগ কৰা মতে, তেওঁ শৌচাগাৰলৈ যোৱাৰ সময়তে ৬-৭ জনীয়া এটা দলে তেওঁৰ নাম আৰু ঘৰ ক’ত বুলি সোধপোছ কৰি আক্ৰমণ চলায়। তেওঁ অসমৰ বুলি জানিব পৰাৰ পাছতে দলটোৱে তেওঁক মৰিয়াই মৰিয়াই হত্যাৰ ভাবুকি প্ৰদান কৰে।
এই নিৰ্মম আক্ৰমণৰ ফলত হিৰশৰ নাকৰ হাড় ভঙাৰ লগতে চকু আৰু শৰীৰৰ বিভিন্ন অংশত তেজ গোট মাৰে। বৰ্তমান তেওঁ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পাছতে বিশ্ববিদ্যালয় চৌহদত তীব্ৰ উত্তজনাৰ সৃষ্টি হয় আৰু শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে এন চি চি কেডেটসকলে প্ৰশাসনিক ভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ-ছাত্ৰীৰ প্ৰবল প্ৰতিবাদৰ সন্মুখত নতি স্বীকাৰ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অনুৰাগ পাণ্ডে, যতীন সিং, ৰঞ্জিত ত্ৰিপাঠী, বিশাল যাদৱ আৰু উৎকৰ্ষ সিং নামৰ পাঁচজন ছাত্ৰক তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰে।
ইফালে, সংবাদ মাধ্যমৰ প্ৰশ্নৰ পৰা বাচিবলৈ বিশ্ববিদ্যালয়ৰ একাংশ বিষয়াৰ আচৰণেও বিতৰ্কৰ সৃষ্টি কৰিছে। এন ডি টিভিৰ সাংবাদিকক তথ্য যোগান ধৰাৰ পৰিৱৰ্তে একাংশ বিষয়াই বাধা প্ৰদান কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে। স্থানীয় সাংসদ হিমাদৃ সিং আৰু কেইবাগৰাকীও বিধায়কে এই কাণ্ডক গৰিহণা দি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বৰ্তমান অমৰকণ্টক আৰক্ষীয়ে ভুক্তভোগী ছাত্ৰজনৰ এজাহাৰৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
