ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বুধবাৰে নিশা আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ সমীপত ৯ জন ক্ৰু মেম্বাৰসহ এখন পাকিস্তানী মাছমৰীয়া নৌকা জব্দ কৰে। আৰব সাগৰত নিয়মীয়া পহৰাত থকাৰ সময়তে উপকূলৰক্ষী বাহিনীৰ জাহাজখনে ভাৰতীয় জলসীমাত অনুপ্ৰৱেশ কৰা এই পাকিস্তানী নৌকাখন প্ৰত্যক্ষ কৰে। গুজৰাট প্ৰতিৰক্ষা জনসংযোগ বিষয়া উইং কমাণ্ডাৰ অভিষেক কুমাৰ তিৱাৰীয়ে সামাজিক মাধ্যমযোগে জানোৱা মতে, এক ক্ষিপ্ৰ আৰু সঠিক নৈশ অভিযানৰ জৰিয়তে এই সফলতা লাভ কৰা হৈছে।
উপকূলৰক্ষী বাহিনীৰ জাহাজখনে প্ৰত্যাহ্বান জনোৱাৰ লগে লগে ‘আল-মদিনা’ নামৰ নৌকাখনে পাকিস্তানৰ দিশলৈ পলায়ন কৰাৰ চেষ্টা চলায়। অৱশ্যে বাহিনীৰ জোৱানে জলসীমাৰ ভিতৰতে নৌকাখন আগচি ধৰিবলৈ সক্ষম হয় আৰু তালাচী চলাই ৯ জন পাকিস্তানী নাগৰিকক আটক কৰে। বৰ্তমান নৌকাখন উপকূলৰক্ষী বাহিনীৰ জাহাজৰ সহায়ত পোৰবন্দৰলৈ টানি অনা হৈছে।
পোৰবন্দৰত উপস্থিত হোৱাৰ পাছতে বিভিন্ন চৰকাৰী সংস্থাৰ দ্বাৰা ধৃত ক্ৰু মেম্বাৰ কেইজনক যুটীয়াভাৱে সোধপোছ কৰা হ’ব। এই অভিযানে দেশৰ সামুদ্ৰিক সীমা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নিৰন্তৰ সতৰ্কতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাকে পুনৰবাৰ প্ৰমাণ কৰিছে।
