অসম আৰু বংগৰ বাবে ৯খনকৈ নতুন অমৃত ভাৰত এক্সপ্ৰেছঃ ডিব্ৰুগড়, গুৱাহাটীৰ পৰা আৰম্ভ হ’ব পোনপটীয়া ৰেল সেৱা

আধুনিক সুবিধা আৰু সুলভ মূল্যৰ যাত্ৰাৰ সংমিশ্ৰণেৰে ভাৰতীয় ৰেলৱেই দেশজুৰি নখনকৈ নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ যাত্ৰা আৰম্ভ কৰাৰ যো-জা চলাইছে। বিশেষকৈ অসম আৰু পশ্চিম বংগক দেশৰ চুকে-কোণে সংযোগ কৰাৰ লক্ষ্যৰে এই উচ্চ গতিসম্পন্ন আৰু আৰামদায়ক ৰেলসমূহৰ যাত্ৰা অতি সোনকালে শুভাৰম্ভ কৰা হ’ব। এই সেৱাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দক্ষিণ আৰু পশ্চিম ভাৰতৰ উদ্যোগিক চহৰসমূহলৈ যাত্ৰা কৰা শ্ৰমিক, ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকলৰ বাবে এক নতুন দিগন্তৰ সূচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

পিআইবিৰ সূত্ৰই জনোৱা মতে, এই নতুন অমৃত ভাৰত ট্ৰেইনসমূহৰ ভিতৰত অসমৰ বাবে দুটা গুৰুত্বপূৰ্ণ ৰুট নিৰ্ধাৰণ কৰা হৈছে। গুৱাহাটীৰ কামাখ্যাৰ পৰা হাৰিয়ানাৰ ৰোহটক আৰু ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতী নগৰলৈ পোনপটীয়াকৈ যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে। একেদৰে উত্তৰ বংগৰ আলিপুৰদুৱাৰৰ পৰা বেংগালুৰু আৰু মুম্বাইলৈ তথা নিউ জলপাইগুড়িৰ পৰা কন্যাকুমাৰীৰ নাগাৰকইল আৰু তিৰুচিৰাপল্লীলৈ আধুনিক ৰেল সেৱা আৰম্ভ হ’ব। কলকাতাৰ পৰাও বেনাৰস আৰু দিল্লীৰ আনন্দ বিহাৰলৈ সংযোগ স্থাপন কৰিব এই অমৃত ভাৰত এক্সপ্ৰেছে।

এই ৰেলসমূহৰ বিশেষত্ব হ’ল যে ইয়াত যাত্ৰীয়ে প্ৰতি ১০০০ কিলোমিটাৰ যাত্ৰাৰ বিপৰীতে মাত্ৰ ৫০০ টকা খৰচ কৰি আধুনিক সুবিধা লাভ কৰিব। শীত-তাপ নিয়ন্ত্ৰিত নহ’লেও এই স্লিপাৰ ক্লাছৰ ৰেলসমূহত ‘ফোল্ডেবল স্ন্যাক টেবুল’, মোবাইল আৰু বটল হোল্ডাৰ, ফ্লাছিং টয়লেট আৰু অগ্নিনিৰ্বাপক ব্যৱস্থাৰ দৰে অত্যাধুনিক সা-সুবিধা উপলব্ধ থাকিব। যাত্ৰীৰ যাতায়ত সহজ কৰিবলৈ কোনো ধৰণৰ ‘ডাইনামিক প্ৰাইচিং’ বা বৰ্ধিত ভাড়াৰ নীতি ইয়াত প্ৰয়োগ কৰা নহয়। ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ইতিমধ্যে ৩০ খন এনে ৰেল চলি আছে আৰু নতুন ৯ খন সংযোগ হোৱাৰ লগে লগে দেশৰ ৰেল যাতায়ত ব্যৱস্থা অধিক শক্তিশালী হৈ উঠিব বুলি ৰেল মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *