যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত তথা কংগ্ৰেছৰ পৰা বহিষ্কৃত বিধায়ক ৰাহুল মামকুট্টাথিলক মঙলবাৰে তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে আদালতে। তিৰুৱাল্লাৰ এখন জুডিচিয়েল ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেট আদালতে এই নিৰ্দেশ দি গোচৰটোৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী দলৰ হাতত তেওঁক গতাই দিয়ে। যোৱা দেওবাৰে পালাক্কাডৰ পৰা তেওঁক এটা তৃতীয় ধৰ্ষণৰ গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল।
ইফালে, অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ সময়তে আদালতৰ বাহিৰত চিপিআই(এম) আৰু বিজেপিৰ যুৱ শাখাৰ কৰ্মীসকলে মামকুট্টাথিলক লক্ষ্য কৰি কণী নিক্ষেপ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে তেওঁৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান দিয়াৰ লগতে বিভিন্ন বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
উল্লেখ্য যে, কোট্টায়ামৰ এগৰাকী মহিলাই যোৱা ৮ জানুৱাৰীত দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আই পি চিৰ ৩৭৬ (ধৰ্ষণ) আৰু ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাত গোচৰ ৰুজু কৰিছিল।
কানাডাত থকা অভিযোগকাৰী মহিলাগৰাকীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আৰক্ষীক নিজৰ জবানবন্দী দিয়ে। তেওঁৰ অভিযোগ অনুসৰি, ২০২৪ চনৰ এপ্ৰিল মাহত এখন হোটেলত মামকুট্টাথিলে বিবাহৰ প্ৰতিশ্ৰুতি দি তেওঁক ধৰ্ষণ কৰিছিল। পৰৱৰ্তী সময়ত মহিলাগৰাকী গৰ্ভৱতী হোৱাত বিধায়কজনে দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাৰ লগতে গৰ্ভপাত কৰিবলৈ তেওঁক ভাবুকি দিছিল বুলিও এজাহাৰত উল্লেখ কৰিছে।
ইফালে, কংগ্ৰেছ দলে ইতিমধ্যে বিধায়কগৰাকীৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰি তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে তেওঁক পূৰ্বৰ দুটা গোচৰত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা দিছিল যদিও এই তৃতীয়টো গোচৰে তেওঁৰ বাবে আইনী সংকট অধিক বৃদ্ধি কৰিছে। বৰ্তমান আৰক্ষীয়ে তেওঁক জিম্মাত লৈ সমগ্ৰ ঘটনাটোৰ অধিক সোধা-পোছা আৰম্ভ কৰিছে।
