বিশ্বৰ চাউল ৰপ্তানিৰ বজাৰত ভাৰতৰ একক আধিপত্য! থাইলেণ্ড-পাকিস্তানক পিছ পেলাই শীৰ্ষস্থানত দেশ

ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষিখণ্ডই এতিয়া দেশৰ সীমা অতিক্ৰমি বিশ্বৰ দৰবাৰত এক নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। চাউল উৎপাদনৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰাৰ পাছত এতিয়া ৰপ্তানিৰ বজাৰতো ভাৰতে বিশ্বৰ শীৰ্ষস্থান দখল কৰিছে। বাছমতিয়েই হওক বা উখোৱা চাউলেই হওক, বিগত বৰ্ষত ভাৰতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বৃহৎ পৰিমাণৰ চাউল ৰপ্তানি কৰি নিজৰ আধিপত্য বজাই ৰাখিছে।

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, বিশ্বজুৰি হোৱা মুঠ চাউল ৰপ্তানিৰ ১৯.৪ শতাংশই কেৱল ভাৰতৰ পৰা যোগান ধৰা হয়। ৰপ্তানিৰ এই তালিকাত ভাৰতৰ পাছতে থাইলেণ্ড, ভিয়েটনাম আৰু পাকিস্তানৰ দৰে দেশৰ নাম আছে যদিও এই তিনিওখন দেশৰ মুঠ ৰপ্তানিৰ পৰিমাণ ভাৰততকৈ বহু পৰিমাণে কম। এগৰাকী উচ্চপদস্থ বিষয়াই সদৰী কৰিছে যে যোৱা বছৰ ভাৰতে ২ কোটি ১৫ লাখ টন চাউল বিদেশলৈ ৰপ্তানি কৰিছে। ইয়াৰ ভিতৰত বাছমতি চাউলৰ ৰপ্তানি ৭ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে ১ কোটি টনতকৈও অধিক উখোৱা চাউল ৰপ্তানি কৰা হৈছে।

বিশেষকৈ কম মূল্যত মানদণ্ডসম্পন্ন চাউল যোগান ধৰাৰ বাবেই বিশ্বৰ বজাৰত ভাৰতীয় চাউলৰ চাহিদা বৃদ্ধি পাইছে। বাংলাদেশ, বেনিন, কেমেৰুন আৰু আইভৰিকোষ্টৰ দৰে উন্নয়নশীল দেশসমূহৰ উপৰিও ইৰান, সংযুক্ত আৰব ৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ দৰে উন্নত দেশসমূহেও ভাৰতৰ পৰা অধিক পৰিমাণৰ চাউল কিনিছে। ভাৰতে ন্যূনতম দামত চাউল ৰপ্তানি কৰাৰ বাবে দৰিদ্ৰ দেশসমূহৰ বাবেও এই খাদ্যশস্য সহজলভ্য হৈ পৰিছে বুলি বিষয়াসকলে দাবী কৰে।

তদুপৰি ২০২৩-২৪ বৰ্ষত দেশীয় বজাৰত চাউলৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰপ্তানিৰ ওপৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছিল। অৱশ্যে যোৱা বছৰ এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগে লগে চাউল ৰপ্তানিৰ ক্ষেত্ৰত পুনৰ নতুন গতি লাভ কৰে। উল্লেখ্য যে ২০২২ বৰ্ষত ভাৰতে সৰ্বাধিক ২ কোটি ২৩ লাখ টন চাউল ৰপ্তানি কৰি এক বিশেষ নজিৰ সৃষ্টি কৰিছিল। বৰ্তমান চৰকাৰে দেশীয় বজাৰৰ চাহিদা পূৰণ কৰি ৰপ্তানিৰ এই ধাৰা অব্যাহত ৰাখিবলৈ বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *