সংকটত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ! প্ৰয়োজন হ’লেই দিল্লীলৈ তলব কৰা হ’ব সিদ্ধাৰামাইয়া-শিৱকুমাৰক

দক্ষিণ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ষমতাৰ সমীকৰণক লৈ চলি থকা আভ্যন্তৰীণ খামখেয়ালিৰ মাজতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ইংগিত দিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সোমবাৰে স্পষ্ট কৰি দিয়ে যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক “প্ৰয়োজন হ’লেই” দিল্লীলৈ তলব কৰা হ’ব। কৰ্ণাটক চৰকাৰৰ নেতৃত্বক লৈ সৃষ্টি হোৱা জটিলতা আৰু দুই শীৰ্ষ নেতাৰ মাজৰ শীতল যুদ্ধৰ চৰ্চাৰ মাজতে খাৰ্গেৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

ৰাজনৈতিক সূত্ৰই জানিবলৈ দিয়া মতে, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ইতিমধ্যে খাৰ্গেৰ সৈতে প্ৰায় ৪৫ মিনিট ধৰি এক সুদীৰ্ঘ আলোচনাত মিলিত হৈছে। ইফালে, মঙলবাৰে মহীশূৰ বিমানবন্দৰত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো দুয়োগৰাকী নেতাই সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। জানিব পৰা মতে, শিৱকুমাৰে অসম বিধানসভা নিৰ্বাচনৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব পালন কৰি থকাৰ সমান্তৰালভাৱে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ সৈতে এক সুকীয়া বৈঠকত বহিবলৈ আগ্ৰহী। উল্লেখ্য যে, অহা ১৬ আৰু ২২ জানুৱাৰীত শিৱকুমাৰ দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই খাৰ্গে কয় যে বিজেপি চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি (MGNREGA) দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁ অভিযোগ কৰে যে কেন্দ্ৰই এই আঁচনিৰ পুঁজি হ্ৰাস কৰি দুখীয়া মানুহৰ কৰ্মসংস্থাপনৰ অধিকাৰ কাঢ়ি ল’ব বিচাৰিছে। খাৰ্গেৰ মতে, কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ অনুপাত ৯০:১০ ৰ পৰা ৬০:৪০ লৈ সলনি কৰি ৰাজ্যসমূহৰ ওপৰত অতিৰিক্ত ৩০ শতাংশ বোজা জাপি দিছে। ইয়াৰ জৰিয়তে চৰকাৰে খাদ্য সুৰক্ষা আৰু শিক্ষাৰ অধিকাৰৰ দৰে আইনসমূহো ক্ৰমান্বয়ে বন্ধ কৰাৰ পৰিকল্পনা কৰিছে বুলি তেওঁ দাবী কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *