এফালে কেন্দ্ৰীয় সংস্থাই চলোৱা অভিযান আৰু আনফালে ৰাজ্যৰ মুৰব্বীয়ে নিজেই ৰাজপথত চলোৱা প্ৰতিবাদে এতিয়া পশ্চিম বংগৰ ৰাজনৈতিক আৰু আইনী পৰিৱেশ উত্তপ্ত কৰি তুলিছে। এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে (ইডি) সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু কলকাতাৰ আৰক্ষী আয়ুক্তৰ বিৰুদ্ধে চি বি আই তদন্তৰ দাবী জনায়। যোৱা সপ্তাহত ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান আই-পেকৰ কাৰ্যালয়ত তালাচী চলাই থকাৰ সময়ত ৰাজ্য চৰকাৰে তদন্তত বাধা প্ৰদান কৰা আৰু ই ডি বিষয়াক আৱদ্ধ কৰি ৰখাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় সংস্থাটোৱে।
আদালতত দাখিল কৰা আবেদনত ই ডিয়ে জানিবলৈ দিয়ে যে ৮ জানুৱাৰীত মমতা বেনাৰ্জীয়ে নিজেই আৰক্ষী বাহিনী লৈ আই-পেকৰ সঞ্চালক প্ৰতীক জৈনৰ বাসগৃহত চলি থকা অভিযানত বাধা দিছিল। সংস্থাটোৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে ই ডি বিষয়াসকলক ভাবুকি দিয়াৰ লগতে তেওঁলোকৰ হাতৰ পৰা লেপটপ, মোবাইল ফোন আৰু গুৰুত্বপূৰ্ণ নথিপত্ৰ থকা ফাইল কাঢ়ি লৈ গৈছে। এই কাৰ্যক চুৰি আৰু অপৰাধমূলক ভাবুকি বুলি অভিহিত কৰি ই ডিয়ে কয় যে অভিযুক্তসকলে নিজেই ৰাজ্যৰ আৰক্ষী প্ৰশাসনক নিয়ন্ত্ৰণ কৰে, সেয়েহে ৰাজ্যিক আৰক্ষীৰ দ্বাৰা নিৰপেক্ষ তদন্ত সম্ভৱ নহয়।
ইফালে, পশ্চিম বংগত চলি থকা কয়লা কেলেংকাৰীৰ ২৭৪২.৩২ কোটি টকাৰ ক’লা ধনৰ লেনদেনৰ তদন্তৰ অংশ হিচাপে এই তালাচী চলোৱা হৈছিল বুলি সংস্থাটোৱে জনাইছে। ই ডিৰ দাবী অনুসৰি, হাৱালাৰ জৰিয়তে প্ৰতীক জৈন আৰু আই-পেকৰ একাউণ্টলৈ বৃহৎ পৰিমাণৰ ধন প্ৰেৰণ কৰা হৈছিল। মমতা বেনাৰ্জীয়ে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি ই ডিৰ বিৰুদ্ধে নিৰ্বাচনী কৌশল চুৰি কৰাৰ ওলোটা অভিযোগ উত্থাপন কৰিছে আৰু কলকাতাৰ ৰাজপথত এক বিশাল প্ৰতিবাদী সমদলৰ নেতৃত্ব দিছে।
তদুপৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা ১৬০ পৃষ্ঠাৰ আবেদনত ই ডিয়ে উল্লেখ কৰিছে যে কলকতা উচ্চ ন্যায়ালয়ত শুনানিৰ পৰিৱেশ নথকাৰ বাবেহে তেওঁলোকে সৰ্বোচ্চ আদালতৰ আশ্ৰয় লৈছে। সংস্থাটোৰ মতে, পূৰ্বেও চি বি আইৰ বিষয়াক আৱদ্ধ কৰাৰ দৰে ঘটনা বংগত ঘটিছে আৰু এয়া এক নিৰন্তৰ বাধাৰ আৰ্হিত পৰিণত হৈছে। আনহাতে, ই ডিৰ এই পদক্ষেপৰ আগজাননী পাই পশ্চিম বংগ চৰকাৰেও ইতিমধ্যে উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিছে যাতে তেওঁলোকৰ পক্ষ নুশুনাকৈ কোনো অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰা নহয়।
