ভাৰত-পাক যুদ্ধ সমাপ্ত কৰাৰ পুনৰ দাবী ট্ৰাম্পৰ! শান্তিৰ ন’বেল বঁটাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতিৰ তীব্ৰ আকাংক্ষা

বিশ্ব শক্তিৰ শীৰ্ষত থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক শেহতীয়া ভাষ্যই আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক মহলত এতিয়া ব্যাপক খলকনিৰ সৃষ্টি কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত যোৱা বছৰ সংঘটিত হোৱা সামৰিক উত্তেজনা তেঁৱেই সমাপ্ত কৰা বুলি ট্ৰাম্পে পুনৰবাৰ দাবী কৰে। বৃহস্পতিবাৰে ফক্স নিউজক দিয়া এক সাক্ষাৎকাৰত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে জানিবলৈ দিয়ে যে এই সংঘাতৰ সময়ত আঠখনকৈ বিমান ভূপতিত হৈছিল আৰু পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ দুখন এক ভয়াৱহ যুদ্ধৰ দিশে অগ্ৰসৰ হৈছিল।

ট্ৰাম্পৰ মতে, তেওঁ কেৱল ভাৰত-পাকিস্তানৰ যুদ্ধই নহয়, বৰঞ্চ মুঠ আঠখন যুদ্ধ সমাপ্ত কৰিবলৈ সক্ষম হৈছে। তেওঁ উল্লেখ কৰে যে থাইল্যান্ড-কম্বোডিয়া আৰু ৩০ বছৰ ধৰি চলা কংগো-ৰুৱাণ্ডাৰ যুদ্ধও তেওঁৰ হস্তক্ষেপতে বন্ধ হৈছে। “তাত্ত্বিকভাৱে প্ৰতিখন যুদ্ধ বন্ধ কৰাৰ বাবে মই একোটাকৈ ন’বেল বঁটা পাব লাগে,” সাক্ষাৎকাৰত ট্ৰাম্পে এইদৰে মন্তব্য কৰে। উল্লেখ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এতিয়ালৈকে প্ৰায় ৭০ বাৰ এই দাবী উত্থাপন কৰিছে। ইফালে, ভাৰতে আৰম্ভণিৰে পৰাই পাকিস্তানৰ সৈতে থকা বিবাদত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপৰ কথা অস্বীকাৰ কৰি আহিছে। যোৱা ১০ মে’ত দুয়োখন দেশৰ মাজত ড্ৰোণ আৰু মিছাইল আক্ৰমণৰ পাছত এক বুজাবুজি হৈছিল যদিও নতুন দিল্লীয়ে ইয়াক এক দ্বিপাক্ষিক আলোচনাৰ ফল বুলিহে গণ্য কৰে। আনহাতে, ট্ৰাম্পে অভিযোগ কৰিছে যে তেওঁক ন’বেল শান্তি বঁটা নিদিয়াটো নৰৱে’ৰ বাবে এক ডাঙৰ লাজৰ বিষয়।

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া কৰিনা মাচাডোৱে যোৱা বছৰ লাভ কৰা ন’বেল শান্তি বঁটাটো ট্ৰাম্পক উৎসৰ্গা কৰিব বিচাৰিছে বুলিও সাক্ষাৎকাৰত প্ৰসংগ উত্থাপন হয়। ট্ৰাম্পে জানিবলৈ দিয়া মতে, অহা সপ্তাহত তেওঁ মাচাডোক সাক্ষাৎ কৰিব আৰু তেওঁৰ পৰা এই সন্মান গ্ৰহণ কৰাটো এক গৌৰৱৰ বিষয় হ’ব। লাখ লাখ লোকৰ প্ৰাণ ৰক্ষা কৰাটোৱেই তেওঁক শান্তি প্ৰদান কৰে বুলি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *