ভোটাৰ তালিকাৰ পৰা খিলঞ্জীয়াৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ

অসমৰ খিলঞ্জীয়া ৰাইজৰ সাংবিধানিক অধিকাৰ আৰু গণতান্ত্ৰিক কণ্ঠক স্তব্ধ কৰাৰ এক গভীৰ ৰাজনৈতিক চক্ৰান্তই এতিয়া ৰাজ্যৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে বৃহস্পতিবাৰে শাসকীয় বিজেপিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। শিৱসাগৰত ২০টাতকৈও অধিক সামাজিক সংগঠন আৰু জ্যেষ্ঠ নাগৰিকৰ সৈতে অনুষ্ঠিত এক মতবিনিময় অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে বিজেপিয়ে বহিঃৰাজ্যৰ পৰা ভোটাৰ আনি আৰু থলুৱা লোকৰ নাম কৰ্তন কৰি ভোটাৰ তালিকাৰ হেৰফেৰ কৰিবলৈ অপচেষ্টা চলাইছে।

গৌৰৱ গগৈয়ে দাবী কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতা অশোক সিংহালক এই ষড়যন্ত্ৰ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ অভিযোগ কৰে যে মুখ্যমন্ত্ৰী আৰু অশোক সিংহাল এই সমগ্ৰ চক্ৰান্তৰ মূল মাষ্টাৰমাইণ্ড। গগৈৰ মতে, অসমৰ সচেতন আৰু খিলঞ্জীয়া ভোটাৰৰ অধিকাৰ খৰ্ব কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈহে এই কৌশল অৱলম্বন কৰিছে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে আৰু কয় যে আয়োগে নিজেই এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল।

বিজেপিৰ ভিতৰচ’ৰাত দুৰ্নীতিৰ পৰিৱেশ সৃষ্টি হোৱা বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয় যে যোৱা ৭-৮ মাহ ধৰি দলটোৱে দুৰ্দিনৰ সন্মুখীন হৈছে। গৰু চুৰি, চাউল কেলেংকাৰীৰ দৰে কেইবাটাও ঘটনা বিজেপি নেতাৰ সৈতে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে বুলিও তেওঁ উল্লেখ কৰে। বৰাক উপত্যকাৰ দুজন বিজেপি বিধায়কে নিজৰ নাগৰিকত্বৰ প্ৰমাণ দিব পৰা নাই বুলিও তেওঁ বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মতে, আগন্তুক নিৰ্বাচন কোনো ৰাজনৈতিক দলৰ মাজত নহয়, বৰঞ্চ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ৰাইজৰ মাজতহে হ’ব।

ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগত গৌৰৱ গগৈয়ে কয় যে অসমৰ ৰাইজে বিৰোধীৰ ১০০ শতাংশ ঐক্য বিচাৰে। বিৰোধী ঐক্য শক্তিশালী কৰিবলৈ কংগ্ৰেছে ১২৬খন আসনৰ ভিতৰত ২৬খন আসনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয় যে মাটি আৰু ভেটি ৰক্ষাৰ পাছত এতিয়া ‘মামা-মামী’ৰ পৰা ভোট ৰক্ষা কৰাৰ সময় আহি পৰিছে। অহা নিৰ্বাচনৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত নাথাকে বুলিও তেওঁ ভৱিষ্যদ্বাণী কৰে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *