জুবিন গাৰ্গৰ ন্যায় আৰু ১০৮ কৰ্মচাৰীৰ সমস্যা সমাধানৰ দাবী! মুখ্যমন্ত্ৰীলৈ মানস ৰবীনৰ মুকলি চিঠি

অসমীয়া সংগীত জগতৰ অন্যতম মহীৰূহ জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া আৰু ৰাজ্যৰ ১০৮ জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাই এতিয়া চৰ্চা লাভ কৰিছে। এই দুয়োটা স্পৰ্শকাতৰ বিষয়ত হস্তক্ষেপ বিচাৰি বিশিষ্ট সংগীত পৰিচালক তথা কণ্ঠশিল্পী মানস ৰবীনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে। জুবিন গাৰ্গক অসমীয়াৰ প্ৰাণ বুলি অভিহিত কৰি শিল্পীগৰাকীয়ে চৰকাৰক এই ক্ষেত্ৰত অধিক সক্ৰিয় হোৱাৰ আহ্বান জনায়। মানস ৰবীনে পত্ৰখনত উল্লেখ কৰে যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত পক্ষই নিজৰ প্ৰতিৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ প্ৰখ্যাত অধিবক্তাসকলক নিয়োগ কৰিছে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ ফালৰ পৰাও অসমৰ আগশাৰীৰ অধিবক্তাসকলক লৈ এখন শক্তিশালী বেঞ্চ গঠন কৰি শিল্পীজনৰ হৈ ন্যায়ালয়ত যুঁজিবলৈ তেওঁ অনুৰোধ জনায়।

তদুপৰি, ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ প্ৰতিদিনেই শুনানি হোৱাকৈ এখন বিশেষ আদালত গঠনৰ দাবী তোলে শিল্পীগৰাকীয়ে। সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অপেক্ষা কৰি থকা বুলি দোহাৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে এই দিশত ক্ষিপ্ৰ পদক্ষেপ ল’লে ৰাইজ আশ্বস্ত হ’ব। ইফালে, সংগীতশিল্পীগৰাকীয়ে ১০৮ জৰুৰীকালীন সেৱাৰ থলুৱা কৰ্মচাৰীসকলৰ মৰ্মান্তিক অৱস্থাৰ বিষয়েও মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে। ড° হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে এই যুৱকসকলে এক বৃহৎ সপোন লৈ চাকৰিত যোগদান কৰিছিল বুলি তেওঁ সোঁৱৰাই দিয়ে। কিন্তু ১৭ বছৰ পাছতো তেওঁলোকৰ দাবীসমূহ পূৰণ নোহোৱাত তেওঁলোকে চলাই থকা আন্দোলনে মানস ৰবীনক ব্যথিত কৰি তুলিছে। কৰ্মচাৰীসকলৰ সৈতে হোৱা কথা-বতৰাৰ উদ্ধৃতি দি শিল্পীগৰাকীয়ে কয় যে মাত্ৰ কেইটামান নূন্যতম দাবী মানি ল’লেই তেওঁলোকে আন্দোলন স্থগিত ৰাখিবলৈ সাজু। সেয়েহে এজন মানৱীয় দৃষ্টিভংগীসম্পন্ন নেতা হিচাপে মুখ্যমন্ত্ৰীক এই থলুৱা যুৱকসকলৰ প্ৰতি সহৃদয়তা দেখুৱাবলৈ তেওঁ পত্ৰখনৰ জৰিয়তে কাতৰ আহ্বান জনায়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *