পুনৰ হিন্দুক হ*ত্যা

বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ।বাংলাদেশত আন এজন হিন্দু যুৱকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই আক্ৰমণত মৃত্যু হয় যুৱকজনৰ । নিহত যুৱকজনক মিঠুন সৰকাৰ বুলি চিনাক্ত কৰা হৈছে । চোৰৰ সন্দেহত মিঠুনক দুষ্কৃতিকাৰীয়ে খেদি খেদি খেদি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । তেওঁক খেদি যোৱাৰ ফলত বাধ্যত পৰি এটা পুখুৰীত জাঁপ দিয়ে আৰু তাৰ পিছত পানীত ডুবি তেওঁৰ মৃত্যু হয় ।উল্লেখ্য যে, বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে । কেৱল ডিচেম্বৰ মাহতে কমেও ৫১টা হিংসাত্মক ঘটনা সংঘটিত হয় ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *