গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই ৰে’লখন চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে বাছি লোৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ মাজত। এই কথা  ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে ঘোষণা কৰে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *