২০২৬ ত ভাৰত-পাকিস্তানৰ মাজত পুনৰ যুদ্ধৰ সম্ভাৱনা প্ৰকাশ আমেৰিকাৰ

২০২৬ চনত ভাৰত আৰু পাকিস্তানৰ মাজত আন এক যুদ্ধৰ সূচনা হ’ব পাৰে বুলি সকীয়াই দিছে আমেৰিকাৰ প্ৰধান থিংক টেংক কাউন্সিল অন ফৰেইন ৰিলেচনে (চি এফ আৰ)। চি এফ আৰৰ ‘Conflicts to Watch in 2026’ প্ৰতিবেদন অনুসৰি কাশ্মীৰত বৃদ্ধি পোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে দুয়োখন দেশৰ মাজত সংঘাতৰ সম্ভাৱনা অধিক। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যদি ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সৃষ্টি হয় তেন্তে ইয়াৰ প্ৰভাৱ আমেৰিকাৰ স্বাৰ্থত মধ্যমীয়া হ’ব পাৰে। যদিও জম্মু-কাশ্মীৰত কোনো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱা নাই, তথাপিও চোৰাংচোৱা সংস্থাই ইংগিত দিছে যে এই শীতকালত জম্মু অঞ্চলত ৩০ তকৈ অধিক পাকিস্তানী সন্ত্ৰাসবাদী সক্ৰিয় হৈ আছে।

ইফালে, ১০ মে’ত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি থকাৰ পাছতো দুয়োখন দেশে অস্ত্ৰ ক্ৰয়ৰ ক্ষেত্ৰত ত্বৰান্বিত কৰিছে। ভাৰতৰ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে শেহতীয়াকৈ ৭৯,০০০ কোটি টকা (৭৯ বিলিয়ন টকা) মূল্যৰ প্ৰতিৰক্ষা চুক্তিত অনুমোদন জনাইছে, য’ত ড্ৰ’ন, এয়াৰ টু এয়াৰ মিছাইল, আৰু গাইডেড বোমা আদি অন্তৰ্ভুক্ত কৰা হৈছে। অপাৰেচন সিন্দুৰৰ সময়ত উন্মোচিত হোৱা দুৰ্বলতাসমূহ দূৰ কৰিবলৈ পাকিস্তানে তুৰস্ক আৰু চীনৰ সৈতে নতুন ড্ৰ’ন আৰু এয়াৰ ডিফেন্স চিষ্টেম ক্ৰয়ৰ বাবেও আলোচনা আৰম্ভ কৰিছে। প্ৰতিবেদনত আন এক বৃহৎ ভাবুকিৰ কথা উল্লেখ কৰা হৈছে।

চি এফ আৰৰ মতে ২০২৬ চনত পাকিস্তান আৰু আফগানিস্তানৰ মাজত সশস্ত্ৰ সংঘাতৰ সম্ভাৱনা অধিক যদিও আমেৰিকাৰ স্বাৰ্থত ইয়াৰ প্ৰভাৱ নূন্যতম হ’ব। অক্টোবৰ মাহত ২৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ডুৰাণ্ড লাইনত পাকিস্তান আৰু তালিবান শাসিত আফগানিস্তানৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল। দুয়োখন দেশৰ সেনাই কেইবাটাও অঞ্চলত আক্ৰমণ চলাই সীমান্ত চকী ধ্বংস কৰা বুলি দাবী কৰে। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু বাণিজ্যত যথেষ্ট প্ৰভাৱ পৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *